
নিউজ ডেস্কঃ ত্ৰিৰংগাৰে স্কুটী চাফা কৰি গ্ৰেপ্তাৰ হ’ল এজন ব্যক্তি। ত্ৰিৰংগাক অপমান কৰাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোকজনক।
ভাইৰেল হৈ পৰা ভিডিঅ’টোত এজন ব্যক্তিয়ে ৰাষ্ট্ৰীয় পতাকা এখনেৰে স্কুটী এখন মচি থকা দেখিবলৈ পোৱা গৈছে। ৰাষ্ট্ৰীয় পতাকাক চৰম অপমান কৰা এই লোকজনৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে পৰৱৰ্তী সময়ত গোচৰ ৰুজু কৰে।
তাৰ পিছতে আৰক্ষীয়ে লোকজনক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে।
Shameless & Disgraceful 💔
— Major Surendra Poonia (@MajorPoonia) September 8, 2022
जिसको तिरंगे और माँ की कद्र नहीं वो धरती पर बोझ है ..इनसे अच्छे नागरिक वो छोटे छोटे बच्चे हैं जो गाँव की झोंपड़ी में रहते हैं पर तिरंगा सर पर रखते हैं !@DelhiPolice This man should be behind bars 🙏 Jai Hind 🇮🇳 pic.twitter.com/7Q3v7n2X9r
উল্লেখ্য যে, এইবাৰ ১৫ আগষ্টত স্বাধীনতা ৭৫ বৰ্ষপুতি উপলক্ষ্যে সমগ্ৰ দেশজুৰি পালন কৰা হৈছিল আজাদী কা অমৃত মহোৎসৱ। সমান্তৰালভাৱে ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি দেশবাসীৰ মনত আবেগ জগাই তুলিবলৈ কেন্দ্ৰীয় চৰকাৰে হৰ ঘৰ ত্ৰিৰংগা অভিযানো চলাইছিল।
কিন্তু হৰ ঘৰ ত্ৰিৰংগা অভিযানৰ নামত বজাৰত ত্ৰিৰংগা উভৈনদী হৈ পৰাৰ পিছত ৰাষ্ট্ৰীয় পতাকাৰ অপমানৰ কেইবাটাও ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে।