তৃতীয়, চতুৰ্থবৰ্গৰ চাকৰি নকৰে জালুকবাৰীৰ যুৱক-যুৱতীয়েঃ হিমন্ত বিশ্ব শৰ্মা…

নিজ সমষ্টিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
দেওবাৰে সমষ্টিটোৰ মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন কৰিলে হিমন্ত বিশ্ব শৰ্মাই।
চাংসাৰি হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত ড০ শৰ্মাই সমষ্টিটোৰ বিধায়ক হিচাপেহে এই অনুষ্ঠানত অংশগ্ৰহণ কৰা বুলি উল্লেখ কৰে।
সমষ্টিটোত তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত ইয়াৰ শিক্ষা ব্যৱস্থা ৭ হাজাৰ শতাংশ উন্নত হোৱাৰ কথা উল্লেখ কৰে।
জালুিকবাৰী সমষ্টিটোত নিৰ্মাণ হৈ থকা এইমছ ২০২৩ ত মুকলি কৰাৰ কথা ঘোষণা কৰাৰ লগতে উত্তৰ গুৱাহটীত নিৰ্মাণ হৈ থকা অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য পূৰ্ণ গতিত চলি আছে বুলিও কয়।
সমষ্টিটোৰ বিদ্যালয়সমূহক নতুন ৰূপ দিয়াৰ কথা উল্লেখ কৰি তেওঁ কয়, এই বছৰ ১০ খন হাইস্কুল আৰু ১০ খন হায়াৰ ছেকেণ্ডেৰী নতুনকৈ নিৰ্মাণ কৰিম। ইয়াৰ উদ্দেশ্য হ’ল ছাত্ৰ-ছাত্ৰীসকলে প্ৰথম শ্ৰেণীৰ পৰা যাতে দ্বাদশ শ্ৰেণীলৈ একেখন বিদ্যালয়তে অধ্যয়ন কৰিব পাৰে।
Live: Attending Felicitation program of meritorious students of HSLC and HS at Changsari High school, Kamrup (R) https://t.co/VRAw6Qw8sn
— Himanta Biswa Sarma (@himantabiswa) December 4, 2022
ইফালে জালুকবাৰীৰ যুৱক-যুৱতীয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গত চাকৰি কৰাৰ পৰিক্ৰমা কেতিয়াবাই এৰি থৈ আহিল বুলি উল্লেখ কৰি তেওঁ কয় যে, জালুকবাৰীৰ যুৱক-যুৱতীয়ে এতিয়া দহজনক সংস্থাপনহে দিব ৷