তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত চাইকেল আৰোহীৰ মৃত্যু, থানাৰ সন্মুখত ঘটিল দুৰ্ঘটনা

নিউজ ডেস্ক। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ক্ৰমবৰ্ধমান পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰিবলৈ বিভিন্ন পদক্ষেপ হাতত লৈছে।

কিন্তু ইয়াৰ পাছতে ৰাজ্যৰ বিভিন্ন জিলাত হ্ৰাস পােৱা নাই একাংশ ট্ৰাক-ডাম্পাৰ চালকৰ দৌৰাত্ম্য।

শেহতীয়াকৈ, বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ সন্মুখত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত এজন চাইকেল আৰােহীৰ মৃত্যু হােৱা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে, বৃহস্পতিবাৰে নিশা সংঘটিত পথ দুৰ্ঘটনাত এজন চাইকেল আৰোহীৰ শোকাৱহ মৃত্যু ঘটে।

নিশা প্ৰায় ১২ বজাত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো।

এএছ ১৮এ চি ২০৮৩ নম্বৰ এখন ডাম্পাৰে মহটিয়াই নিয়ে চাইকেল আৰোহীজনক। ফলত থিতাতে নিহত হয় চাইকেল আৰোহীজন।

মৃত লোকজন চিৰাং জিলাৰ বিজনীৰ মালিপাৰাৰ বিষ্ণুপুৰৰ ময়াৰাম বৰ্মন বুলি চিনাক্ত কৰা হৈছে।

ঘটনাৰ বিৱৰণীমতে লোকজনে নিশা চাইকেলেৰে যোগীঘোপা অভিমুখে গৈ থকা সময়তে একে দিশৰে গৈ থকা উক্ত শিলভৰ্তি ডাম্পাৰখনে লোকজনক মহটিয়াই নিয়ে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ লোকজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ডাম্পাৰসহ চালক-হেণ্ডিমেনক আটক কৰি থানালৈ নিয়ে।

লগতে চাওকঃ

বিয়াৰ প্ৰস্তাৱ অস্বীকাৰ প্ৰেমিকৰ, প্ৰতিশােধ ল’বলৈ ভয়ংকৰ কাণ্ড কৰিলে অন্তঃসত্বা প্ৰেমিকাই

দুৰ্ঘটনাগ্ৰস্ত বাহন মুকলি কিৰ দিয়াৰ নামত উৎকোচ লৈ আটক SI ছাৰ!

Leave a Comment