
নিউজ ডেস্কঃ বিশ্বৰ সপ্ত আশ্বৰ্য্যৰ অন্যতম আগ্ৰাৰ তাজমহলক লৈ সময়ে সময়ে সৃষ্টি হৈ আহিছে বিতৰ্কৰ। কেতিয়াবা যদি তাজমহল প্ৰাচীন সময়ত শিৱ মন্দিৰ আছিল বুলি বিতৰ্কৰ সৃষ্টি হৈছে, আন কেতিয়াবা আকৌ যমুনা নৈৰ পাৰত অৱস্থিত তাজমহলৰ ভূমিক লৈ সূত্ৰপাত হৈছে বিতৰ্কৰ।
কিন্তু ইমানৰ পিছতো তাজমহলৰ সৌন্দৰ্য্যই মন্ত্ৰমুগ্ধ কৰি আহিছে দেশী-বিদেশী পৰ্যটকক। কোৱা হয়, মোগল সম্ৰাট শ্বাহজাহানে তেওঁৰ পত্নী মমতাজৰ স্মৃতিত সাজি উলিয়াইছিল এই আটকধুনীয়া মহল। যাৰ বাবে তাজমহলৰ নানান বিতৰ্কৰ পিছতো আজিও সকলোৱে তাজমহলক প্ৰেমৰ প্ৰতীক বুলি গণ্য কৰি আহিছে।

শেহতীয়াকৈ তাজমহলক লৈ সূত্ৰপাত ঘটিছে আন এক বিতৰ্কৰ। এইবাৰ এই বিতৰ্কৰ সূচনা কৰিছে জয়পুৰৰ প্ৰাক্তন ৰাজকুমাৰী তথা বিজেপিৰ সাংসদ দিয়া কুমাৰীয়ে। তাজমহলৰ ভূমিৰ মালিকীস্বত্ব দাবী কৰি ইতিমধ্যে এলাহাবাদ উচ্চ ন্যায়ালয়ৰো দাৰস্থ হৈছে সাংসদগৰাকী।
দিয়া কুমাৰীৰ দাবী অনুসৰি, তাজমহল যি ঠাইত নিৰ্মাণ কৰা হৈছিল, সেই ভূমি আছিল জয়পুৰৰ ৰাজ পৰিয়ালৰ। কিন্তু মোগল সম্ম্ৰাট শ্বাহজাহানে ক্ষতিপূৰণ প্ৰদান কৰি ৰাজপৰিয়ালৰ পৰা অধিগ্ৰহণ কৰিছিল সেই ভূমি। ইয়াৰ সকলো তথ্য ৰাজকুমাৰী দিয়া কুমাৰীৰ ওচৰত মজুত আছে বুলিও দাবী কৰে তেওঁ।

আনহাতে তাজমহলৰ ভূমিৰ মালিকীস্বত্ব দাবী কৰাৰ লগতে বছৰ বছৰ ধৰি বন্ধ কৰি ৰখা তাজমহলৰ ভিতৰৰ ২২টা কোঠা খুলি দিবলৈও ন্যায়ালয়ত আবেদন জনাইছে দিয়া কুমাৰীয়ে।
নিজৰ আবেদন সন্দৰ্ভত দিয়া কুমাৰীয়ে কয় যে, দেশবাসীয়ে সত্য বিষয়টো জনা উচিত। সেই ভূমি প্ৰকৃততে কাৰ আছিল সেই কথা সকলোৱেই জনা প্রয়োজন। তাজমহলৰ তলত ভূগৰ্ভৰ কোঠাত কি লুকুৱাই ৰখা হৈছে তাকো সকলোৰে ওচৰত মুকলি হোৱাৰ প্রয়োজন।

তেওঁ লগতে এই কথাও কয় যে যমুনা নৈৰ পাৰৰ সেই ভূমি ৰাজস্থানৰ ৰাজ পৰিয়ালৰ পৰা মোগল সম্ৰাটে অধিগ্ৰহণ কৰাৰ সময়ত কিছু ক্ষতিপূৰণ প্ৰদান কৰিছিল। কিন্তু সেই ক্ষতিপূৰণ কিমান আছিল বা সেই সময়ত ভূমিৰ তুলনাত ক্ষতিপূৰণ যথেষ্ট আছিল নে নাই সেই বিষয়ে তেওঁ জ্ঞাত নহয় বুলিও কয় দিব্যা কুমাৰীয়ে। কিন্তু তেওঁ কয় যে তেওঁৰ ওচৰত সকলো নথি মজুত আছে।
জয়পুৰৰ প্ৰাক্তন ৰাজকুমাৰী দিয়া কুমাৰীৰ মতে তেতিয়া ভাৰতত কেৱল মোগল অধিপত্য চলিছিল। যাৰ বাবে ভূমি অধিগ্ৰহণ স্বত্বেও জয়পুৰৰ ৰাজপৰিয়ালে বিৰোধিতা কৰিব পৰা নাছিল।