অসম

তদন্ত হ’ব হাফপেণ্ট কাণ্ডৰঃ অসম কৃষি বিশ্ববিদ্যালয়ে গঠন কৰিলে কমিটী…

বিগত ১৬ছেপ্টেম্বৰ তাৰিখে তেজপুৰৰ এক শিক্ষা অনুষ্ঠানত এগৰাকী ১৯বছৰীয়া যুৱতীক হাফ পেন্ট পিন্ধি অহাৰ কাৰণে প্ৰৱেশত বাধা দিয়া কার্যই সৰ্বত্ৰ তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

তেজপুৰস্থ জি আই এম টি ত হাফপেণ্ট পিন্ধি পৰীক্ষা দিবলৈ যোৱা ছাত্ৰীগৰাকীক পৰ্দা মেৰিয়াই পৰীক্ষাত বহিবলৈ বাধ্য কৰোৱাৰ পিছত সামাজিক মাধ্যমত সৃষ্টি হৈছিল আলোড়নৰ।

উল্লেখ্য যে, এই সমগ্ৰ ঘটনাৰ তদন্ত ঘোষণা কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে।

ড° জয়ন্ত ডেকাৰ নেতৃত্বত গঠন কৰি দিয়া হৈছে এখন তিনিজনীয়া কমিটী।

এই কমিটীখনে তদন্ত কৰি ১০দিনৰ অন্তত জমা দিব লাগিব প্ৰতিবেদন।

বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁইয়ে সংবাদ মাধ্যমত সদৰী কৰিছে এই কথা ।

উল্লেখযোগ্য যে যোৱা ১৬ ছেপ্টেম্বৰ তাৰিখে তেজপুৰত অনুষ্ঠিত হোৱা কৃষি বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত এগৰাকী ১৯ বছৰীয়া যুৱতীক হাফ পেন্ট পৰিধান কৰি অহাৰ কাৰণে পৰীক্ষা কক্ষত প্ৰৱেশত বাধা প্রদান কৰা হৈছিল।

পিছত অৱশ্যে যুৱতী গৰাকীক পৰ্দা এখন কঁকালত মেৰিয়াই দি পৰীক্ষাত বহিবলৈ দিয়া হ’ল।

Leave a Reply

Your email address will not be published. Required fields are marked *