ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান।
এইবাৰ বোকাজান আৰক্ষীৰ অভিযান জব্দ প্ৰায় সাত কোটি টকা মূল্যৰ ড্ৰাগছ।
জানিব পৰা মতে, খট্খটী আৰক্ষী থানাৰ অন্তৰ্গত লাহৰিজান ড্রীম স্কাই হোটেলৰ সমীপত আৰক্ষীয়ে অভিযান চলাই দুজন ব্যক্তিয়ে অতি কৌশলেৰে শাক-পাচলি কঢ়িয়াই অনা এটা মোনাৰ পৰা বুজন পৰিমাণৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়।
সৰবৰাহকাৰী দুজন সম্পৰ্কত পিতা-পুত্ৰ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।
৭৯ টা প্লাষ্টিকৰ চাবোনৰ বাকচত কঢ়িয়াই অনা হেৰ’ইনখিনিৰ ওজন এক কিলোগ্রাম হ’ব বুলি জানিব পৰা গৈছে।

ধৃত সৰবৰাহকাৰী দুটা ক্ৰমে পিতা মণিতন সিং আৰু পুত্ৰ ৰোহিত সিং।
সৰবৰাহকাৰী দুটা মূলতঃ হোজাই জিলাৰ বাসিন্দা যদিও ডিমাপুৰত অস্থায়ীভাৱে ভাড়াতীয়া হিচাপে থাকে বুলি জানিব পৰা গৈছে।
সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে তেওঁলোকক জেৰা অব্যাহত ৰাখিছে।
এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষীয়ে চলিছিল এই অভিযান।
উদ্ধাৰ হোৱা হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় সাত কোটি টকা হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।