অসম

ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান! পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ, আহত ড্ৰাগছ মাফিয়া…

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান।

নগাঁৱত পুনৰ ড্ৰাগছ মাফিয়াক গুলীয়ালে আনন্দ মিশ্ৰ বাহিনীয়ে।

বটদ্ৰৱা কদমনিত সংঘটিত আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ হোৱা ড্ৰাগছ মাফিয়াটোৰ নাম চিৰাজুল ইছলাম।

ড্ৰাগছ মাফিয়া চিৰাজুলৰ বটদ্ৰৱা কদমনিৰ বাসগৃহৰ পৰা আৰক্ষীয়ে এটা পইন্ট 32 পিষ্টল আৰু বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰে।

কামপুৰ কচুৱাৰ পৰা বুধবাৰে নিশা আৰক্ষীয়ে ড্ৰাগছ মাফিয়াটোক গ্ৰেপ্তাৰ কৰাৰ পিছত বটদ্ৰৱা কদমনিৰ বাসগৃহত চিৰাজুলকলৈ তালাচী চলাবলৈ গৈছিল আৰক্ষীৰ দলে।

কিন্তু নিশাৰ আন্ধাৰত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতেই গুলীচালনা কৰে আৰক্ষীৰ দলে।

ফলত বাওঁভৰিত গুলী লাগে ড্ৰাগছ মাফিয়া চিৰাজুল ইছলামৰ।

যোৱা ২৫ অক্টোবৰটো নগাঁও ননৈত আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ হৈছিল উত্তৰ পূৰ্বাঞ্চলত ড্ৰাগছৰ বৃহৎ বজাৰ গঢ়ি তোলা মনিপুৰৰ ড্ৰাগছ মাফিয়া আৰ কে হপিংচন।।

Leave a Reply

Your email address will not be published. Required fields are marked *