অসম

ডিভাইডাৰত খুন্দিয়াই পথৰ ওপৰত বাগৰি পৰিল তীব্ৰবেগী ট্ৰেভেলাৰ, ছজনকৈ লোক…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

ডিভাইডাৰত খুন্দিয়াই পথৰ ওপৰত বাগৰি পৰিল তীব্ৰবেগী ট্ৰেভেলাৰ।

দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হৈছে ছয়জনকৈ লোক।

নগাঁৱৰ শেনচোৱাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

গুৱাহাটীৰ পৰা যাত্ৰী লৈ নগাঁও হৈ হোজাইলৈ আহি থকা অৱস্থাতে সংঘটিত হয় দুৰ্ঘটনাটো।

দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰ খনৰ নম্বৰ এ এছ ০১ জি চি ৩৮৪১ ।

ট্ৰেভেলাৰখনে পথৰ মাজত থকা ডিভাইডাৰত খুন্দা মাৰি পথৰ ওপৰতে বাগৰি পৰে৷

image 225

দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা আৰক্ষীয়ে ৰাইজৰ সহযোগত দহজন যাত্ৰীক উদ্ধাৰ কৰে। ইয়াৰ ভিতৰত ছজন আহত গুৰুতৰ হোৱাত নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

দুৰ্ঘটনাটোত আহত ছজন লোকৰ নাম হৈছে- ডবকাৰ শঙ্কৰ দাস, হোজাইৰ বিশ্বজিৎ দাস, জুৰীয়াৰ জালাল উদ্দিন, ৰাঙলুৰ আব্দুল হান্নান, ডবকাৰ দিলোৱাৰ হুছেইন, মোৰাঝাৰৰ জমিল হুছেইন।

ইপিনে উদ্ধাৰ অভিযান চলি থকা সময়তে পিছফালৰ পৰা এ এছ ০২ এ এইছ ১৪৮৪ নম্বৰৰ ছুইফ গাড়ীখনে দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰ খনক খুন্দা মাৰে৷

আৰক্ষীয়ে ছুইফ খনৰ চালক জনক আটক কৰি নগাঁও সদৰ থানালৈ লৈ যায়।

Related Articles

Back to top button