
নিউজ ডেস্কঃ ৭০ দিনৰ পিছত জামিন লাভ কৰিবলৈ সক্ষম হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল চেত্ৰীয়ে।
মঙলবাৰে ডিব্ৰুগড় আদালতে জামিন মঞ্জুৰ কৰে ৰাহুল চেত্ৰীৰ।
উল্লেখ্য যে, জ্যেষ্ঠ ছাত্ৰৰ ৰেগিং কাণ্ড সহিব নোৱাৰি বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ তৃতীয় মহলাৰ পৰা জঁপিয়াইছিল আনন্দ শৰ্মা নামৰ ছাত্ৰজনে।
বৰ্তমানো পংগুত্বৰ জীৱন পাৰ কৰিবলগীয়া ছাত্ৰজনক চলোৱা ৰেগিঙৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ৰাহুল চেত্ৰী।
ৰাহুল চেত্ৰী আছিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক।
কিন্তু এই ৰেগিং কাণ্ড পোহৰলৈ অহাৰ পিছতে সংগঠনৰ পৰা বহিস্কাৰ কৰা হৈছিল ৰাহুলক।
ইফালে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ মুখ্য অধীক্ষক ড০ কল্যাণ ভূঞাকো প্ৰদান কৰা হৈছে অব্যাহতি।
তেওঁৰ গাফিলতিৰ বাবে হোষ্টেলত সংঘটিত হৈছিল ৰেগিঙৰ ঘটনা।
ৰেগিং সন্দৰ্ভত বাৰাম্বাৰ অভিযোগ দাখিল কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছিল মুখ্য অধীক্ষকগৰাকীৰ বিৰুদ্ধে।