অসমীয়াৰাষ্ট্ৰীয়

ডিঙি কাটি পেলালেও গুৱাহাটীলৈ নাযাওঃ EDৰ চমন লাভ কৰাৰ পিছতে গৰজি উঠিল সঞ্জয় ৰাউট

নিউজ ডেস্কঃ মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ মাজতে পুনৰ সঞ্জয় ৰাউটলৈ চমন জাৰি কৰিছে ইডিয়ে। খবৰ অনুসৰি, কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে শিৱসেনাৰ নেতাগৰাকীক এক বিত্তীয় কেলেংকাৰীৰ গোচৰত চমন জাৰি কৰি মঙলবাৰে ইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে।

কিন্তু ইডিৰ চমন লাভ কৰাৰ পিছতে গৰজি উঠিছে সঞ্জয় ৰাউট। ইডিয়ে যিমান চমন নপঠাওক কিয়, ডিঙি কাটি পেলালেও তেওঁ গুৱাহাটীলৈ নাহে বুলি একপ্ৰকাৰ হুংকাৰ দিছে।

সংবাদ সংস্থা এএনআইৰ মতে, সঞ্জয় ৰাউটক মঙলবাৰে ​​পুৱা ১১ বজাত ইডিৰ মুম্বাইস্থিত কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। মুম্বাইত সংঘটিত ‘পাটৰা চউল’ ভূমি কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত চমন জাৰি কৰা হৈছে ৰাজ্যসভাৰ সাংসদগৰাকীক।

ইফালে চমন লাভ কৰাৰ পিছতে ৰাউতে ইডিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে। তেওঁ কয়, ‘কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই ষড়যন্ত্ৰ কৰিছে। আজি মহাৰাষ্ট্ৰত আমি বালাচাহেবৰ সেনাৰ এখন ডাঙৰ যুদ্ধ কৰি আছো। এয়া আমাক ৰোধ কৰাৰ ষড়যন্ত্ৰ চলিছে। কিন্তু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহক ব্যৱহাৰ কৰি আমাক ৰোধ কৰিব নোৱাৰিব।”

গুৱাহাটীত বাহৰ পাতি থকা শিৱসেনাৰ বিসম্বাদী বিধায়ক সকলৰ ওপৰত ক্ষোভ ব্যক্ত কৰি ৰাউটে কয়- ‘মোৰ ডিঙি কাটি পেলালেও মই গুৱাহাটীলৈ নাযাও।’

ইয়াৰ পূৰ্বে ইডিয়ে ধন সৰবৰাহ প্ৰতিৰোধ আইনৰ অধীনত সঞ্জয় ৰাউতৰ সম্পত্তি জব্দ কৰিছিল। উল্লেখযোগ্য যে মুম্বাইৰ এটা ‘চৌল’ (বস্তি) পুনৰ্নিৰ্মাণ প্ৰকল্পত ১০৩৪ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

জানিব পৰা মতে, তদন্তৰ অন্তত সঞ্জয় ৰাউতৰ সম্পত্তি জব্দ কৰা হৈছে। অৱশ্যে শিৱসেনাৰ নেতাগৰাকীয়ে তেওঁৰ উত্তৰত কয় যে ইডিৰ এই পদক্ষেপক তেওঁ ভয় কৰা নাই।

উল্লেখযোগ্য যে মহাৰাষ্ট্ৰৰ সংকট কেতিয়া আৰু কেনেকৈ সমাধান হ’ব সেয়া এতিয়াও অন্ধকাৰত আছে। বিসম্বাদী একনাথ শিণ্ডেৰ নেতৃত্বত গুৱাহাটীত বাহৰ পাতি আছে ৪০ৰো অধিক বিধায়ক।

ইফালে, মহাৰাষ্ট্ৰৰ বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপটত গুৰুত্বপূৰ্ণ হৈ পৰিছে মহাৰাষ্ট্ৰৰ নৱনিৰ্মাণ সেনাৰ মুৰব্বী ৰাজ ঠাকৰে। অলপতে শিণ্ডে আৰু ৰাজ ঠাকেৰেয়ে ফৌনিক বাৰ্তালাপ কৰাৰ বিষয়েও খবৰ প্ৰকাশ পাইছে।

Related Articles

Back to top button