fbpx
অসমীয়াআন্তঃৰাষ্ট্ৰীয়

টুইটাৰত মুছলমান মহিলাৰ অধিকাৰৰ হকে মাত মতাৰ অপৰাধৰতে ৩৪ বছৰ কাৰাদণ্ড বিহা হ’ল ছালমাক…

নিউজ ডেস্কঃ নাৰীৰ অধিকাৰৰ হকে টুইট কৰাৰ অপৰাধত ৩৪ বছৰ কাৰাদণ্ড বিহা হ’ল ছৌদি আৰৱৰ এগৰাকী মহিলাক। ব্ৰিটেইনৰ লিডছ বিশ্ববিদ্যালয়ত অধ্যয়নৰত তথা দুটি সন্তানৰ মাতৃ ছালমা-আল-ছেহাব নামৰ মহিলাগৰাকীক এই শাস্তি বিহে ছৌদি আদালতে।

উল্লেখ্য যে, টুইটাৰত ২৬শ ফল’ৱাৰ্ছ আছে ছালমাৰ। তেওঁ পূৰ্বে চুন্নী দেশৰ মুছলমান মহিলাসকলৰ অধিকাৰৰ বিষয়ে প্ৰায়ে টুইট কৰিছিল। তদুপৰি মুছলমান দেশসমূহৰ ৰক্ষণশীল চিন্তাধাৰাৰ বিৰুদ্ধেও মাত মাতি আহিছিল ছালমাই।

image 132

এনে কাৰণতে দেশত জনসাধাৰণৰ মাজত অশান্তি বিয়পোৱা তথা বিৰোধা সকলক সহায় কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয় ছালমাক।

২০২১ চনত ব্ৰিটেইনৰ পৰা তেওঁ ছৌদি আৰৱলৈ অহাৰ পিছতে ছৌদি আৰৱ প্ৰশাসনে গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক। সেই সময়ত আদালতে ছালমাক ৬ বছৰৰ কাৰাদণ্ড বিহাৰ লগতে ৩৪ বছৰৰ বাবে বিদেশ ভ্ৰমণ নিষিদ্ধ কৰাৰ ৰায় দিয়ে।

কিন্তু পৰৱৰ্তী সময়ত ছালমা-আল-ছেহাবৰ ৩ বছৰ কাৰাদণ্ডৰ শাস্তি প্ৰত্যাহাৰ কৰা হয়। অথচ এতিয়া পুনৰ বৃদ্ধি কৰা হৈছে মহিলাগৰাকীৰ শাস্তিৰ ম্যাদ।

image 133

যোৱা ৯ আগষ্টত ছৌদি আৰৱ আদালতে ছালমাৰ শাস্তিৰ ম্যাদ বৃদ্ধি কৰি ৩৪ বছৰ কৰে। টুইটাৰত মুছলমান দেশৰ মহিলাৰ অধিকাৰৰ হকে টুইট কৰি জনশৃংখলা বিঘ্নিত কৰা আৰু বিৰোধীসকলক সহায় কৰাৰ অপৰাধতে এই শাস্তি বিহা হয় ছালমা-আল-ছেহাবক।

ইফালে, ছালমাক এই শাস্তি বিহাক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। লণ্ডনৰ নাৰী অধিকাৰ সংগঠন ALQST য়েও ছৈদি আদালতৰ ৰায়ৰ বিৰোধিতা কৰে। নাৰীৰ অধিকাৰৰ হকে কাম কৰা এগৰাকী শান্তিপ্ৰিয় মহিলাক এই শাস্তি বিহি ছৌদি আদালতে দেশখনৰ আইন-শৃংখলাক উপহাস কৰা বুলিও মন্তব্য কৰে সংগঠনটোৱে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!