ঝাচী ৰে’ল ষ্টেচনৰ নাম হ’ল বীৰাংগনা লক্ষ্মীবাই ৰে’ল ষ্টেচন, পুনৰ নাম সলনিৰ চমক যোগী আদিত্যনাথৰ

নিউজ ডেস্ক। সমাগত বিধানসভা নিৰ্বাচন। কিন্তু তাৰ পূৰ্বে পুনৰ এবাৰ নাম সলনিৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে যোগী আদিত্যনাথ নেতৃত্বাধীন উত্তৰ প্ৰদেশ চৰকাৰ।

এইবাৰ যোগী চৰকাৰে সলনি কৰিলে ঝাচী ৰে’লৱে ষ্টেচনৰ নাম।

উত্তৰ প্ৰদেশ চৰকাৰে ঘোষণা কৰা অনুসৰি, ঝাচী ৰে’ল ষ্টেচনৰ নাম বীৰাংগনা লক্ষ্মীবাই ৰে’ল ষ্টেচনৰূপে সলনি কৰিছে। ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ পিছত ৰেল ষ্টেচনটোৰ নাম সলনি কৰে।

FH1-NXp4-Uc-AEm0l9

বুধবাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে হিন্দীত এটা টুইটযোগে ষ্টেচনটোৰ নাম সলনিৰ বিষয়ে ঘোষণা কৰে। যোগী আদিত্যনাথে টুইটাৰত লিখিছে, “ঝাচী ৰে’ল ষ্টেচনটো এতিয়া ‘বীৰাঙ্গনা লক্ষ্মীবাই ৰে’ল ষ্টেচন’ হিচাপে পৰিচিত হ’ব।”

উত্তৰ প্ৰদেশ চৰকাৰৰ দ্বাৰা এই সন্দৰ্ভত এক জাননী জাৰি কৰা হৈছে আৰু ৰে’লৱে বিভাগে এই পৰিৱৰ্তন কাৰ্যকৰী কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।

উল্লেখ্য যে, বিগত সময়ত উত্তৰ প্ৰদেশৰ কেইবাখনো ঐতিহাসিক ঠাইৰ নাম সলনি কৰিছে যোগী চৰকাৰে। চৰকাৰে নিৰ্বাচনৰ প্ৰাকক্ষণত গাজীপুৰ আৰু বস্তিপুৰৰ নামো সলনি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে।

Leave a Comment