অসম

জনজাতিকৰণৰ দাবীত ১৫ নৱেম্বৰত ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান…

জনজাতিকৰণৰ দাবীত ১৫ নৱেম্বৰত ১২ ঘণ্টীয়া অসম বন্ধ আহ্বান।

সংবাদমেলযোগে এই ঘোষণা ছয় জনগোষ্ঠী যৌথ মঞ্চৰ নেতৃবৃন্দৰ।

নৱগঠিত ছয় জনগোষ্ঠী যৌথ মঞ্চৰ শুকুৰবাৰৰ গুৱাহাটীৰ প্ৰথমখন সংবাদ মেলত সংগঠনটোৱে কেবাটাও প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰে।

সেই অনুসৰি, সংগঠনটোৱে ১৫ নৱেম্বৰত পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে।

তদুপৰি ৩০ নৱেম্বৰত নতুন দিল্লীৰ যন্তৰ–মন্তৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সদৰি কৰে।

১৪ আৰু ১৭ নবেম্বৰত ধেমাজি আৰু শিমলুগুৰিত ৰে’লপথ অৱৰোধ কৰিব ছয় জনগোষ্ঠী যৌথ মঞ্চই।

পৰৱৰ্তী সময়ত অসমৰ বিভিন্ন স্থানৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে দিশপুৰ ঘেৰাও কৰিব বুলি জনাই ছয় জনগোষ্ঠী যৌথ মঞ্চই।

জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰা মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধেও সোচ্চাৰ সংগঠনটোৰ নেতৃত্ব।

বিজেপিয়ে প্ৰতিশ্ৰুতি দি ৰক্ষা নকৰাৰ অভিযোগ সংগঠনটোৰ নেতৃত্বৰ।

জনগোষ্ঠীটোৰ মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধেও সাব্যস্ত কৰিব প্ৰতিবাদ।

ইফালে আগন্তুক ২০২৪ চনৰ পূৰ্বে অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা নিদিলে বিজেপিক ২০২৪ চনৰ লোকসভা নিৰ্বাচনত অসমত শূন্য কৰি দিম বুলি হুংকাৰ দিয়ে যৌথ মঞ্চই।

Related Articles

Back to top button