হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি তীব্ৰ প্ৰতিক্ৰিয়াৰ।
বিভিন্ন দল সংগঠনৰ লগতে বহুতেই শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ লগতে ছেবাৰ অধ্যক্ষৰ পদত্যাগৰ দাবী উত্থাপন হৈছে।
ইয়াৰ মাজতে এক বিস্ফোৰক মন্তব্যই তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্য।
ছেবাত চলে ব্যাপক ধনৰ লেনদেন। পৰীক্ষাৰ্থীৰ নম্বৰ বৃদ্ধি কৰিবলৈ চলে দৰদাম। উত্তীৰ্ণৰ হাৰ কম-বেছি কৰাৰ নামত চলে তৈলমৰ্দন।
এই বিস্ফোৰক মন্তব্য ছেবাৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকাৰ।
তেওঁ কয়- সদিচ্ছা নাথাকিলে ছেবাত সংস্কাৰ অসম্ভৱ। ২০ হাজাৰ টকাৰ বিনিময়তে নিৰ্দিষ্ট বিষয়ত লাভ কৰে সৰ্বোচ্চ নম্বৰ। উত্তৰবহী নিৰীক্ষণৰ বিশেষ কেন্দ্ৰ আছে ছেবাত। এই কেন্দ্ৰটো বৰ গণ্ডগোলীয়া।
লগতে তেওঁ কয়- ২০১২ত উঠাই দিছিলো এই নিৰীক্ষণ কেন্দ্ৰটো। ছেবাৰ সচিবে ২০১৩ত পুনৰ স্থাপন কৰিছিল কেন্দ্ৰটো। ছেবাৰ সচিব আছিল ACS বিষয়া। এই বিস্ফোৰক মন্তব্য ছেবাৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকাৰ