
নিউজ ডেস্ক। কৃষি কৰ্ম কৰিবলৈ গৈ কৰুণভাৱে মৃত্যুমুখ পৰিল এগৰাকী যুৱতী।
ভূঁঁই ৰুই ঘৰলৈ ওভতাৰ পথত বজ্ৰাঘাতত অকালতে কৰুণ মৃত্যুক সাৱটিলে সংগীতা ৰাভা নামৰ ২੦ বছৰীয়া যুৱতীগৰাকীয়ে।
এই ঘটনা সংঘটিত হৈছে নামনি অসমৰ গোৱালপাৰা জিলাৰ দুধনৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত ধনুভাঙা অঞ্চলত।

জানিব পৰা মতে, ধূপধৰা থানাৰ অন্তৰ্গত ধনুভাঙাৰ মাদাং গাঁৱত পথাৰৰ পৰা ভূই ৰুই ঘৰলৈ উভতি গৈ থকা সময়তে বজ্ৰপাতত মৃত্যু হয় সংগীতা ৰাভাৰ।
এই ঘটনাত গুৰুতৰভাৱে আহত হয় আন এগৰাকী মহিলাও। বজ্ৰাঘাতত থিতাতে মৃত্যুক সাৱটি লবলগীয়া হয় সংগীতা ৰাভাই।
অৱশ্যে অন্যান্যসকল বজ্ৰপাতৰ আতংকত যেনি-তেনি দৌৰি পলায় যদিও অনিমা ৰাভা নামৰ আন এগৰাকী মহিলা বজ্রাঘাতত আহত হ’বলগীয়া হয়।
পৰৱৰ্তী পৰ্যায়ত ঘটনাস্থলীত ধূপধৰা আৰক্ষী উপস্থিত হৈ নিহত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি থানালৈ নি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰে।
লগতে আহত অনিমা ৰাভা নামৰ মহিলাগৰাকীক স্থানীয় লোকৰ প্ৰচেষ্টাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
লগতে চাওকঃ
