অসম

চৰকাৰী কাৰ্য্যলয়ত মদ্যপান কৰি নিলম্বন বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ এজন কৰ্মচাৰী

চৰকাৰী কাৰ্য্যলয়ত মদ্যপান কৰি নিলম্বন এজন কৰ্মচাৰী।

কাছাৰৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ত সংঘটিত হৈছে এই ঘটনা।

কাছাৰৰ স্কুল সমূহৰ পৰিদৰ্শকৰ কাৰ্যলয়ৰ ষ্টেনোগ্ৰাফাৰ বিপ্ৰ ৰাজ পালে দিন দুপৰতে কাৰ্যলয়ৰ ভিতৰত মদ্যপান কৰাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বন কৰা হৈছে।

উপায়ুক্তৰ নিৰ্দেশত বিদ্যালয়সমূহৰ পৰিদৰ্শক ছেমিনা ইয়াছমিন আৰা ৰহমানে নিলম্বন কৰে কৰ্মচাৰী জনক৷

কাৰ্যলয়ৰ ভিতৰত মদ্যপান কৰি থকা দৃশ্য মোবাইলত বন্দী কৰিছিল ABVP ৰ কেইজন মান কৰ্মকৰ্তাই৷

তাৰ পিছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল সমগ্ৰ দৃশ্য।

আনকি ABVP ৰ ছাত্ৰ কেইজনে ভিডিঅ’টো উপায়ুক্ত কীৰ্তি জল্লীক দেখুৱাই সমগ্ৰ ঘটনাটো অৱগত কৰোৱাইছিল৷

ইয়াৰ পিচতে কৰ্মচাৰী জনৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লবলৈ নিৰ্দেশ দিয়ে।

Related Articles

Back to top button