fbpx
অসমীয়াঅসম

চুৰিৰ অভিযোগত কিশোৰক গছত বান্ধি নিৰ্মম অত্যাচাৰ! ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে গ্ৰেপ্তাৰ ৫ অভিযুক্তক…

নিউজ ডেস্কঃ হাইলাকান্দি মৰেল পুলিচিঙৰ ঘটনাৰ সৈতে জড়িত ৫ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ।

কিশোৰক গছত বান্ধি নিৰ্মম অত্যাচাৰ চলোৱা লোক কেইজনক অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

হাইলাকান্দিৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তই জানিবলৈ দিয়া মতে, ৰামনাথপুৰ থানাৰ অন্তৰ্গত ঝলনাচেৰা গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে পাঁচোজন অভিযুক্তক।

ধৃত লোক কেইজনৰ পৰিচয় আফতাবুদ্দিন চৌধুৰী, বদৰুদ্দিন চৌধুৰী, আমৰুদ্দিন মজুমদাৰ, আব্দুল এম মজুমদাৰ আৰু আব্দুল মোন্নাফ মজুমদাৰ বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ৫০ বৰ্ষীয় আব্দুল মোন্নাফ মজুমদাৰৰ নেতৃত্বতে সংঘটিত হৈছিল এই ঘটনা।

উল্লেখ্য যে, ঝলনাচেৰাত চুৰিৰ অভিযোগত এজন কিশোৰক নিৰ্মমভাৱে অত্যাচাৰ চলাইছিল এইকেইজন অভিযুক্তই।

কিশোৰজনক গছত বান্ধি চুলি খুৰাই নিৰ্মমভাৱে অত্যাচাৰ কৰাৰ ভিডিঅ’ কেমেৰাত বন্দী কৰি অভিযুক্ত কেইজনে নিজেই ভাইৰেল কৰিছিল সামাজিক মাধ্যমত।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে তৎপৰতা দেখুৱাই ভিডিঅ’ৰ জৰিয়তে অভিযুক্ত কেইজনক চিনাক্ত কৰি অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!