
নিউজ ডেস্কঃ আছুৰ কাৰ্যালয়ত কিশোৰক নিৰ্যাতন চলাই আত্মহত্যাৰ বাবে বাধ্য কৰোৱাৰ অভিযোগত গ্ৰেপ্তাৰ ৩ প্ৰাক্তন আছু নেতাক।
গোৰেশ্বৰ আৰক্ষীয়ে অভিযুক্ত প্ৰাক্তন ছাত্ৰনেতা কেইজনক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰে জে’ল-হাজোতলৈ।
ধৃত প্ৰাক্তন ছাত্ৰনেতা কেইজন হৈছে- অংকুৰ শৰ্মা, হিৰকজ্যোতি শৰ্মা আৰু ভৱেশ শৰ্মা।
উল্লেখ্য যে, ২০২২ চনৰ জুলাই মাহত গোৰেশ্বৰৰ নাওকাটাত সংঘটিত হৈছিল এই ঘটনা।
চুৰিৰ অভিযোগত দুজন কিশোৰক ধৰি নাওকাটা আছুৰ কাৰ্যালয়ত শাৰীৰিক অত্যাচাৰ চলাইছিল ছাত্ৰনেতা কেইজনে।
আনকি কিশোৰ দুজনৰ পৰা ধন দাবীৰো অভিযোগ উত্থাপন হৈছিল আছু নেতা কেইজনৰ বিৰুদ্ধে।
আনহাতে ছাত্ৰনেতা কেইজনৰ শাৰীৰিক-মানসিক নিৰ্যাতন সহ্য কৰিব নোৱাৰি পৰৱৰ্তী সময়ত আত্মহত্যাৰ পথ বাচি লৈছিল এজন কিশোৰে।
ইয়াৰ পিছতে কেইবাজনো আছু নেতাক আৰক্ষীয়ে আটক কৰে যদিও পলাতক হৈ আছিল মূল অভিযুক্ত অংকুৰ শৰ্মা, হিৰকজ্যোতি শৰ্মা আৰু ভৱেশ শৰ্মা।
যোৱা ২১ ফেব্ৰুৱাৰীত গোৰেশ্বৰ আৰক্ষীয়ে অভিযুক্ত তিনিজনক আটক কৰি সোধা-পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰে।