fbpx
অসমীয়াআন্তঃৰাষ্ট্ৰীয়

চিকিৎসকে মৃত ঘোষণা কৰা এটি শিশু পুনৰ জী উঠিল কফিনৰ ভিতৰত! তাৰ পিছতে ঘটিল এই ঘটনা…

নিউজ ডেস্কঃ চিকিৎসকে মৃত ঘোষণা কৰিছিল কণমানি কন্যা শিশুটিক। তাৰ পিছত অন্ত্যেষ্টিক্ৰিয়াৰ বাবে প্ৰস্তুতি চলাই থকা সময়তে হঠাৎ শিশুটি জী উঠে। সেয়া দেখি শোকবিহ্বল পৰিয়ালৰ মুখত এখন্তেকৰ বাবে বিৰিঙি উঠে হাঁহি। কিন্তু নিয়তিয়ে যেন সেয়াও সহ্য নকৰিলে! কফিনৰ ভিতৰত জী উঠা ছোৱালীজনীক হাস্পতাললৈ নিয়াৰ সময়তে পুনৰ মৃত্যু ঘটে।

এনে এক আশ্বৰ্যকৰ ঘটনাই সংঘটিত হৈছে মেক্সিকোত। জানিব পৰা মতে, ৩ বছৰীয়া কেমিলা ৰ’ক্সান নামৰ শিশুটি পেটৰ ৰোগত আক্ৰান্ত হৈছিল। পৰিয়ালৰ লোকে চিকিৎসালয়ত ভৰ্তি কৰোৱায় যদিও ১৭ আগষ্টত চিকিৎসকে মৃত ঘোষণা কৰে শিশুটিক।

photo1661346442

কন্যাক হেৰুৱাই কান্দি কান্দি ভাগৰি পৰা পিতৃ-মাতৃয়ে কেমিলাক বিদায় জনাই অন্ত্যেষ্টিক্ৰিয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে। কিন্তু মৃত্যুৰ ১২ ঘণ্টা পিছত কেমিলাৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে হঠাৎ পুনৰ জী উঠে কেমিলা। যেন টোপনিৰ পৰাহে এইমাত্ৰ সাৰ পাইছিল শিশুটিয়ে।

কেমিলাৰ শৱদেহ ৰখা কফিনৰ গ্লাছত বাষ্পসদৃশ প্ৰত্যক্ষ কৰে মাতৃয়ে। লগে লগে অন্ত্যেষ্টিক্ৰিয়াৰ বাবে সমবেত হোৱা লোকসকলক তেওঁ এই কথা কয়। প্ৰথমে কোনেও সেয়া বিশ্বাস কৰা নাছিল যদিও লাহে লাহে কফিনৰ ভিতৰৰ পৰা কেমিলাৰ কান্দোন শুনিবলৈ পায় সকলোৱে।

লগে লগে কফিন খুলি বাহিৰলৈ উলিয়াই অনা হয় কেমিলাক। সেই সময়ত শিশুটিয়ে মাকক মাতি মাতি কান্দি আছিল। অকণো পলম নকৰাকৈ পৰিয়ালৰ লোকে শিশুটিক লৈ পুনৰ হাস্পতাললৈ দৌৰ দিয়ে যদিও চিকিৎসকে দ্বিতীয়বাৰৰ বাবে মৃত ঘোষণা কৰে কেমিলাক।

photo1661346252

নিজৰ সন্তানক এনেদৰে ১২ ঘণ্টাৰ ভিতৰতে দুবাৰকৈ হেৰুৱাই শোকত ভাগি পৰিছে কেমিলাৰ পিতৃ-মাতৃ তথা পৰিয়াল। লগতে এই ঘটনাই আশ্বৰ্যচকিত কৰিছে আন সকলকো। চিকিৎসকে মৃত ঘোষণা কৰা শিশুটি কফিনৰ ভিতৰত কেনেদৰে জী উঠিল আৰু কিছু সময় পিছতে কিয় পুনৰ মৃত্যু ঘটিল সেয়া যেন এক ৰহস্য হৈ পৰিছে সকলোৰে বাবে।

সামাজিক মাধ্যমতো কেমিলা ৰ’ক্সানৰ এই কাহিনী চৰ্চালৈ অহাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিভিন্নজনে। একাংশই এয়া ইশ্বৰৰ মহিমা বুলি মন্তব্য কৰিলেও আন একাংশই ইয়াৰ বৈজ্ঞানিক যুক্তিও প্ৰদৰ্শন কৰিছে।

অন্যহাতে শিশুটিৰ সৈতে ঘটনা এনে অদ্ভূত ঘটনাৰ কাৰণ জানিবলৈ কেমিলাৰ মৃতদেহৰ পৰীক্ষা চলাইছে চিকিৎসকেও।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!