অসমঅসমীয়া

চান্দা তুলি ধন দিব নালাগে শিল্পীক: জুবিন গাৰ্গ

বিহুৰ নামত ’চান্দা’ সংগ্ৰহৰ বিৰােধী জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ। ব্যক্তিগতভাৱে চান্দাক বেয়া পাওঁ বুলি মুকলিকৈ প্ৰকাশ জুবিন গাৰ্গৰ।

চান্দা তুলি অনুষ্ঠানলৈ আমন্ত্ৰণ জনাব নালাগে শিল্পীক। -এই মন্তব্য অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ।

তেজপুৰত নেমকেয়াৰ হাস্পতালৰ হৈ সাংবাদিকৰ মাজত হেল্থ কাৰ্ড বিতৰণৰ অন্তত এই মন্তব্য কৰে জুবিন গাৰ্গে।

G1

সাংবাদিকৰে হোৱা বাৰ্তালাপত শিল্পীগৰাকীয়ে কয় যে চান্দা তুলি শিল্পীক ধন দিয়াটো অনুচিত। এই চান্দা সংস্কৃতি বন্ধ কৰাৰো আহ্বান জনায় জুবিনে।

অৱশ্যে কোনো অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে কোনো ব্যক্তিয়ে আগ্ৰহেৰে প্ৰদান কৰা বৰঙণি চান্দা নহয় বুলিও স্পষ্ট কৰি দিয়ে যুৱ প্ৰজন্মৰ হাৰ্ট থ্রৱ গৰাকীয়ে।

উল্লেখ্য যে, সাংস্কৃতিক অনুষ্ঠান আয়োজনৰ নামত বাটত ৰখাই মানুহৰ পৰা ধন সংগ্ৰহ কৰা প্ৰায়ে দেখিবলৈ পোৱা যায়।

উদ্যোক্তাৰ এনে কাৰ্যক লৈ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈ আহিছে।

এনে এক পৰিপ্ৰেক্ষিততে সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত শিল্পী জুবিন গাৰ্গে চান্দাৰ বিৰোধিতা কৰি মন্তব্য আগবঢ়ায়।

ইপিনে, বৃহৎ নদীবান্ধ সন্দৰ্ভত সাংবাদিকে সােধা প্ৰশ্ন সন্দৰ্ভত জুবিন কয় যে বৃহৎ নদীবান্ধ ভাল।

বৈজ্ঞানিক ভিত্তিত নদীবান্ধ নিৰ্মাণ কৰা হয়। চীনে হােৱাংহাে নদী যদি বান্ধিব পাৰে, আমিও নদীবান্ধ নিৰ্মাণ কৰিব পাৰাে।

Related Articles

Leave a Reply

Your email address will not be published.

Back to top button