অসম

চাঞ্চল্যকৰ! হাত-ভৰি বান্ধি মুখত কাপোৰ ভৰাই থোৱা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ…

এক চাঞ্চল্যকৰ হত্যাকাণ্ড।

হাত-ভৰি বান্ধি মুখত কাপোৰ ভৰাই থোৱা অৱস্থাত ঘৰৰ ভিতৰত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ।

নগাঁও জিলাৰ হয়বৰগাঁৱৰ গোটলাইপট্টিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।

কোনো দুৰ্বৃত্তই হাত-ভৰি বান্ধি এগৰাকী মহিলাক ঘৰৰ ভিতৰতে অতি নৃশংসভাৱে হত্যা কৰে।

৫২ বৰ্ষীয় মৃত মহিলাগৰাকীৰ নাম আয়েছা ছিদ্দিক। ঘৰটোত মহিলাগৰাকীয়ে অকলে বসবাস কৰি আহিছিল ৷

স্থানীয় ৰাইজে ডকাইতৰ দলে মহিলাগৰাকীক হত্যা কৰাৰ সন্দেহ কৰিছে।

ঘৰৰ কাপোৰ, আলমিৰাৰ ভিতৰৰ অলংকাৰৰ বাকচ সকলোবোৰ খেলিমেলি হৈ থকাৰ বাবে ডকাইতৰ দলে মহিলাগৰাকীক হত্যা কৰি ধন, সোণ লুটি নিয়াৰ সন্দেহ কৰিছে আত্মীয়ৰ লগতে চুবুৰিয়াই।

ঘটনাস্থলীত নগাঁও আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মহিলাগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

দুই কন্যাক বিয়া দিয়াৰ পিছত অকলে বসবাস কৰা মহিলাগৰাকীৰ মৃতদেহৰ পৰা ঘাতকে হাতত পিন্ধি থকা খাৰু, নাকফুলি নাকৰ পৰা চিঙি নিয়া বুলি জানিব পৰা গৈছে ৷

মহিলাগৰাকীয়ে ব্যৱহাৰ কৰা মবাইলটো আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

জানিব পৰা মতে, মৃত মহিলাগৰাকীয়ে পূৰ্বে নগাঁৱৰ কাৱৈমাৰীত বসবাস কৰিছিল৷ চাৰিবছৰ পূৰ্বে কাৱৈমাৰীত সম্পত্তি বিক্ৰি কৰি নগাঁও চহৰৰ এন বি পথত চাৰি বছৰ ধৰি নিগাজীকৈ থাকিবলৈ লৈছিল।

Related Articles

Back to top button