চাঞ্চল্যকৰ! বোৱাৰীৰ দাৰ ঘাপত নিহত শাহুসহ এগৰাকী মহিলা, হাস্পতালত মৃত্যুৰে যুঁজিছে আন এগৰাকীয়ে…

এক চাঞ্চল্যকৰ ঘটনা।
বোৱাৰীৰ দাৰ ঘাপত নিহত শাহুসহ এগৰাকী মহিলা, হাস্পতালত মৃত্যুৰে যুঁজিছে আন এগৰাকীয়ে।
ছয়গাঁৱৰ বামুণীগাঁও নিজ বগাইত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।
মঙ্গলবাৰে ৰাতিপুৱাই উত্তৰা বড়ো (৩৬) নামৰ মহিলাগৰাকীয়ে দাৰে আক্ৰমণ কৰে নিজ শাহুৱেকসহ তিনিগৰাকী মহিলা।

ফলত থিতাতে মৃত্যু হয় উত্তৰা বড়োৰ শাহুৱেক সুশীলা বড়ো (৭৫)ৰ।
আনহাতে চিকিৎসালয়ত মৃত্যু হয় বনকৰা মহিলা প্ৰতিভা ৰাভা (৫০)ৰ। নিহত মহিলাগৰাকীৰ ঘৰ পলাশবাৰীৰ ৰাজাপাৰাত।
ইয়াৰোপৰি সংকটজনক অৱস্থাত প্ৰতিভা ৰাভাৰ কন্যা শিৱানী ৰাভা (২৫) চিকিৎসাধীন হৈ আছে।
বকো আৰক্ষীয়ে হত্যাকাৰী উত্তৰা বড়োক গ্ৰেপ্তাৰ কৰিছ।

অৱশ্যে উত্তৰা বড়োৱে কিয় এই ঘটনা সংঘটিত কৰিলে সেই তথ্য এতিয়াও লাভ কৰা নাই।
জানিব পৰা মতে, পাৰিবাৰিক কন্দলৰ বাবেই পৰিকল্পিত আক্ৰমণ কৰে উত্তৰা বড়োই। স্বামী অশোক কুমাৰ বড়োৰ সৈতে উত্তৰা বড়ো থাকে গুৱাহাটীৰ ৰূপনগৰত থকা এক বাসগৃহত।
কালি সন্ধিয়া গোপনে হত্যাকাৰী উত্তৰা বড়ো আহে স্বামী গৃহলৈ। আৰু পুৱা উঠিয়েই জধে-মধে দাৰে আক্ৰমণ চলাই উত্তৰা বড়োই।

প্ৰায় দহ বছৰে ঘৰখনত কাম কৰা ছোৱালী হিচাপে আছে আহত শিৱানী বড়ো। নিহত প্ৰতিভা ৰাভা তিনিদিন পূৰ্বে কন্যা শিৱানীৰ খবৰ লবলৈ আহিছিল।
আনহাতে হত্যাকাৰীৰ উত্তৰা বড়োই আক্ৰমণ কৰাৰ পাছতে দাখন পেলাই দিয়ে সমীপৰ এটা পুখুৰীত। পলায়ন কৰিব বিচৰা উত্তৰা বড়োক ৰাইজে ধৰি গটাই দিয়ে আৰক্ষীক।
লগতে চাওকঃ
চাঞ্চল্যকৰ! থানাৰ ভিতৰতে মূৰত গুলীয়াই নিজৰ জীৱন শেষ কৰিলে অসম আৰক্ষীৰ এগৰাকী উপ-পৰিদৰ্শকে

মৰ্মান্তিক! নাও দুর্ঘটনাত সলিল সমাধি দুই যুৱতী-মহিলাৰ, মৃতদেহ উদ্ধাৰ
