fbpx
অসমীয়াৰাষ্ট্ৰীয়

চাঞ্চল্যকৰ! বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ ভিতৰতে চৰম সিদ্ধান্ত এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ, সহপাঠীৰ সৈতে ঘটিছিল মতানৈক্য…

নিউজ ডেস্কঃ বিদ্যালয়ৰ শ্ৰেণীকোঠাতে এগৰাকী ১৩ বছৰীয়া ছাত্ৰীয়ে চিপ লৈ আত্মহত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে তেলেংগানাৰ কুৰ্ণুল জিলাত।

জিলাখনৰ আমৰাবাদ মণ্ডলৰ মনমোৰ গাঁৱৰ সমাজ কল্যাণমূলক আৱাসিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে বিদ্যালয়ৰ শ্ৰেণীকোঠাত শিক্ষক আৰু আন শিক্ষাৰ্থীৰ অনুপস্থিতিত চিপ লৈ আত্মহত্যা কৰে।

নিহত ছাত্ৰীগৰাকীৰ পৰিচয় নিকিতা বুলি জানিব পৰা গৈছে।

ছাত্ৰীগৰাকীয়ে কি কাৰণে শ্ৰেণীকোঠাৰ ভিতৰতে এনে চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়া নিশ্চিত নহয় যদিও বিদ্যালয় কৰ্তৃপক্ষৰ দাবী অনুসৰি সহপাঠীৰ সৈতে ঘটা সাধাৰণ মতানৈক্যৰ বাবেই এনে পন্থা গ্ৰহণ কৰে নিকিতাই।

বিদ্যালয়ৰ শিক্ষকে শ্ৰেণীকোঠাৰ ভিতৰত দুপাত্তাৰ চিপ লৈ ওলমি থকা অৱস্থাত ছাত্ৰীগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ পিছতে আৰক্ষীক খবৰ দিয়ে।

পৰৱৰ্তী সময়ত আৰক্ষীৰ দল উপস্থিত হৈ ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

শ্ৰেণীকোঠাত এনেদৰে এগৰাকী ছাত্ৰীৰ ৰহস্যজনক মৃত্যুৱে শোকস্তব্ধ কৰিছে সকলোকে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!