চাঞ্চল্যকৰ! পলাতক ড্ৰাগছ ব্যৱসায়ীক ৰক্ষণাবেক্ষণ দিয়াৰ বাবদ ধন লৈ গ্ৰেপ্তাৰ শংকুমণি গোস্বামী, বাসগৃহৰ পৰা জব্দ নগদ ধন…

নিউজ ডেস্কঃ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়িক ৰক্ষণাবেক্ষণ দিয়াৰ নামত ধন লৈ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল এজন ব্যক্তি।

নগাঁৱত সংঘটিত এই ঘটনাৰ পিছতে এতিয়া আৰক্ষীৰ ভিতৰচৰাত সাম্ভাব্য এজেণ্টৰ দপদপনিক লৈও অৱতাৰণা হৈছে বহু প্ৰশ্নৰ।

দৰাচলতে বিগত সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আব্দুল হানিফ নামৰ এজন দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়িক।

কিন্তু পৰৱৰ্তী সময়ত জামিনত মুকলি হৈ আহি আব্দুল হানিফে পুনৰ আৰম্ভ কৰিছিল ড্ৰাগছৰ ব্যৱসায়।

যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে পুনৰ ড্ৰাগছ ব্যৱসায়ীজনৰ সন্ধানত অভিযান চলায়।

কিন্তু আৰক্ষীৰ এই অভিযানত আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিবলৈ সক্ষম হয় আব্দুল হানিফে।

ইয়াৰ পিছতে দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ীজনৰ সৈতে যোগাযোগ কৰি আৰক্ষীৰ পৰা ৰক্ষণাবেক্ষণ দিয়াৰ নামৰ ৬০ হাজাৰ টকা দাবী কৰে নগাঁও চহৰৰ খুটিকটীয়াৰ নিৱাসী শংকুমণি গোস্বামী নামৰ এজন লোকে।

আব্দুল হানিফৰ পৰিয়ালে এই ধন শংকুমণিক আদায় দিয়ে যদিও তাৰ পিছতো ড্ৰাগছ ব্যৱসায়ীজনক বিচাৰি আৰক্ষীয়ে ঘৰত অভিযান চলোৱাত ঘটনা সন্দৰ্ভত অভিযুক্তৰ পৰিয়ালে মৰিকলং টাউন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ কাষ চাপে।

ইয়াৰ পিছতে এছআই জোনমণি ৰাভাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে খুটিকটীয়াত অভিযান চলাই অভিযুক্ত শংকুমণি গোস্বামীক গ্ৰেপ্তাৰ কৰাৰ লগতে বাসগৃহৰ পৰা নগদ ৬০ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ পৰা ৰক্ষণাবেক্ষণ দিয়াৰ নামত এনেদৰে ড্ৰাগছ ব্যৱসায়ীৰ পৰা ধন লোৱাৰ ঘটনাই সমগ্ৰ নগাঁৱতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

সমান্তৰালভাৱে আৰক্ষীৰ গোপন অভিযানৰ বিষয়ে শংকুমণি গোস্বামী কেনেদৰে অৱগত হ’ল তাক লৈও উত্থাপন হৈছে প্ৰশ্নৰ।

একে সময়তে আৰক্ষীৰ ভিতৰচ’ৰাত অভিযুক্তৰ হৈ কাম কৰা ‘এজেণ্ট’ৰূপী আৰক্ষী থাকিব পাৰে বুলিও একাংশই সন্দেহ ব্যক্ত কৰিছে।