fbpx
অসমীয়াঅসম

চাঞ্চল্যকৰ! একেলগে পুখুৰীত জঁপিয়াই আত্মহনন দুই কিশোৰৰ, পৰিয়ালত কান্দোনৰ ৰোল…

নিউজ ডেস্কঃ ডিমৌত চাঞ্চল্যকৰ ঘটনা।

একেলগে একেটা পুখুৰীত জঁপিয়াই আত্মহনন দুই কিশোৰৰ।

ডিমৌৰ ৰজাবাৰী পুখুৰীত জঁপিয়াই আত্মহত্যা কৰে কিশোৰ দুজনে।

পুখুৰীৰ পাৰত কিশোৰ দুজনৰ চেণ্ডেল আৰু কাপোৰ প্ৰত্যক্ষ কৰে স্থানীয় লোকে।

তাৰ পিছতে ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় আৰক্ষীক।

পৰৱৰ্তী সময়ত আৰক্ষী আৰু এছডিআৰএফ বাহিনী উপস্থিত হৈ পুখুৰীৰ পৰা উদ্ধাৰ কৰে কিশোৰ দুজনৰ মৃতদেহ।

নিহত কিশোৰ দুজনৰ পৰিচয় নাচপতি খাটোৱাৰ আৰু সঞ্জয় ৰাজপুত বুলি জানিব পৰা গৈছে।

কিশোৰ দুজনে কি কাৰণে এনেদৰে একেলগে আত্মহনন কৰিলে তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ।

ইফালে দুয়োজন কিশোৰৰ পৰিয়ালে জানিবলৈ দিয়া মতে কিশোৰ দুজন মানসিক ৰোগী আছিল।

এনে কাৰণতে কিশোৰ দুজনে পুখুৰীত জাপ দিছিল বুলি সন্দেহ কৰা হৈছে।

কিশোৰ দুজনৰ মৃত্যুত কান্দোনত ভাগি পৰিছে পৰিয়াল।

Related Articles

Back to top button