fbpx
অসমীয়াঅসম

চাঞ্চল্যকৰ! আৰক্ষীৰ অভিযানৰ পৰা বাচিবলৈ পুখুৰীত জাপ জুৱাৰীৰ, ৪ দিনৰ পিছত উদ্ধাৰ হ’ল মৃতদেহ…

নিউজ ডেস্কঃ জুৱা খেল চলি থকা সময়তে আৰক্ষীয়ে চলোৱা অভিযানত ভয় খাই পুখুৰীত জঁপিয়াই পৰা এজন জুৱাৰীৰ মৃতদেহ সোমবাৰে জুৰীয়াত উদ্ধাৰ হোৱাৰ ঘটনাই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।

সোমবাৰে আৰক্ষী আৰু এছডিআৰএফ বাহিনীয়ে এটা পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰে আমিনুল ইছলাম নামৰ জুৱাৰীজনৰ মৃতদেহ।

উল্লেখ্য যে, চাৰি দিন পূৰ্বে জুৰীয়া আৰক্ষীয়ে মেলেকাধিঙত জুৱাখেলৰ বিৰুদ্ধে অভিযান চলাই ৪জন জুৱাৰীক আটক কৰিবলৈ সক্ষম হৈছিল।

সেই সময়ত আৰক্ষীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল আন ৪-৫ জন জুৱাৰী।

একে সময়তে আৰক্ষীৰ পৰা বাচিবলৈ এটা পুখুৰীৰ পানীত জঁপিয়াই দিছিল আমিনুল ইছলাম নামৰ জুৱাৰীজনে।

তেতিয়াৰে পৰা সন্ধানহীন হৈ থকা জুৱাৰীজনক বিচাৰি আৰক্ষী আৰু এছডিআৰএফ বাহিনীয়ে পুখুৰীটোত অভিযান চলোৱাত অৱশেষত উদ্ধাৰ হয় আমিনুলৰ মৃতদেহ।

ইফালে আমিনুল ইছলামৰ মৃত্যু এক পৰিকল্পতি হত্যাকাণ্ড বুলি দাবী কৰিছে পৰিয়ালে।

পৰিয়ালৰ অভিযোগ অনুসৰি, জুৱাৰীক কৰায়ত্ত কৰিবলৈ আৰক্ষীক সহযোগ কৰা হিবজুৰ আৰু মুকছিদুল নামৰ লোক দুজনে প্ৰচণ্ড মাৰপিট কৰিছিল আমিনুলক।

এনে মাৰপিটৰ বাবেই লোকজনৰ মৃত্যু ঘটা বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!