fbpx
অসমীয়াৰাশিফল

চাওক আপোনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ১৮ ছেপ্টেম্বৰ, দেওবাৰ

মেষ ৰাশি- সমস্যাৰ অন্ত পৰিব। পৰিকল্পনাবোৰ সাৱধানে কাৰ্যকৰী কৰক। ব্যক্তিগত সম্পৰ্কত কিছু অসুবিধা হ’ব পাৰে। সকলোকে সন্তুষ্ট কৰাৰ ফান্দত নপৰিব। ব্যৱসায়ত লাভৰ যোগ আছে। নতুন ঠাইলৈ বদলি হব পাৰে। বিত্তীয় পৰিস্থিতি পূৰ্বৰ তুলনাত কিছু উন্নত হ’ব। ৰাজনীতিৰ সৈতে জড়িত সকলৰ বাবে দিনটো শুভ।

বৃষ ৰাশি- স্বাস্থ্যৰ প্ৰতি যত্ন লওক। বন্ধু-বান্ধৱীৰ সৈতে ক’ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। মানসিক শান্তিৰ বাবে চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কত সাৱধান হওক। বাহন আদি ক্ৰয় কৰাৰ পৰিকল্পনা থাকিব পাৰে। উপাৰ্জনতকৈ অধিক ব্যয়ে আজি আপোনাক আৰ্থিক সমস্যাত পেলাব পাৰে। ঘৰলৈ অতিথিৰ আগমণে এক সুখৰ পৰিৱেশ সৃষ্টি কৰিব।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

মিথুন ৰাশি- ধৈৰ্য্য ধৰক। বিবাহিত জীৱনত থাকিব মধুৰতা। সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। আজি কাৰোবাৰ বাবে আৰ্থিক লাভ হ’ব পাৰে। সন্ধিয়াৰ সময় পত্নীৰ সৈতে কটাব। সকলোৰে সৈতে সদ্ভাৱ বৰ্তাই ৰাখি চলক। চাকৰি বিচাৰি থকা সকলৰ বাবে আজি ভাল দিন। শৈক্ষিক কাৰ্যত মনোযোগ বাঢ়িব।

কৰ্কট ৰাশি- পত্নীৰ লগত নিজৰ মনৰ কথা পাতক। ল’ৰা-ছোৱালীবোৰক লৈ আপুনি সন্তুষ্ট হ’ব। টকা উপাৰ্জন কৰিব পাৰিব। আজি বহুদিনৰ মূৰত বন্ধু এজনক লগ কৰিব পাৰিব। বৈবাহিক সুখ থাকিব। ব্যৱসায়ত লেনদেনৰ ক্ষেত্ৰত আজি সাৱধানতা অৱলম্বন কৰক। পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ পৰামৰ্শই আজি আপোনাক লাভাম্বিত কৰিব।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

সিংহ ৰাশি- আজি অধিক জনবহুল অঞ্চলত ভ্ৰমণৰ পৰা বিৰত থাকক। ঘৰত কাৰোবাৰ বিবাহ নিশ্চিত কৰিব পাৰে, যাৰ বাবে সুখৰ পৰিবেশৰ সৃষ্টি হ’ব। নিজৰ বাবেও সময় উলিয়াওক। খৰচৰ সন্দৰ্ভত উত্তেজনা বৃদ্ধি পাব পাৰে। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। অৱশ্যে আজি উচ্চ পদস্থ বিষয়াৰ সৈতে মতানৈক্য হোৱাৰ পৰা সাৱধান হওক।

কন্যা ৰাশি- মনটো প্ৰফুল্লিত হৈ থাকিব। আপুনি আপোনাৰ পত্নীৰ পৰা কিছু ভাল খবৰ পাব পাৰে। আপুনি সতেজ অনুভৱ কৰিব। আজি যিকোনো পুৰণি বিনিয়োগৰ পৰা লাভ হ’ব পাৰে। দূৰ ভ্ৰমণৰ যোগ আছে। স্বাস্থ্য সম্পৰ্কে অলপ সাৱধান হওক। ব্যৱসায় আগুৱাই নিয়াৰ ক্ষেত্ৰত পৰিয়ালৰ সহায় লাভ কৰিব পাৰিব।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

তুলা ৰাশি- আজি আৰ্থিক লাভৰ বাবে মন সুখী হ’ব। আপোনাৰ ব্যৱসায়ত পত্নী সুখী হ’ব। বজাৰ কৰিবলৈ যোৱাৰ সুযোগ থাকিব পাৰে কিন্তু খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। হঠাৎ ধন লাভ কৰিব পাৰে। পৈত্তৃক সম্পত্তিৰ পৰাও আজি আপোনাৰ অতিৰিক্ত উপাৰ্জন সম্ভৱ হব পাৰে। জ্যেষ্ঠজনৰ পৰামৰ্শত গুৰুত্ব দিয়ক।

বৃশ্চিক ৰাশি- স্বাস্থ্যৰ উন্নতি হ’ব। পৰিয়ালৰ সদস্যৰ সৈতে মত বিনিময় কৰাৰ সময়ত আত্মসংযত হওক। স্বামী-স্ত্ৰীৰ মাজৰ সম্পৰ্ক শক্তিশালী হ’ব। ব্যৱসায়ত হঠাৎ অহা বেমেজালিয়ে আপোনাক চিন্তাত পেলাব পাৰে। শৈক্ষিক আৰু বৌদ্ধিক ক্ষেত্ৰৰ সৈতে জড়িত সকলৰ সন্মান বৃদ্ধি পাব। বন্ধুৰ পৰা আৰ্থিক সহায় লাভ কৰিব পাৰে।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

ধনু ৰাশি- আজিৰ দিনটোত আপুনি নিজৰ খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। হঠাৎ এজন পুৰণি বন্ধুক লগ পাই অতীত ৰোমন্থনৰ সুযোগ লাভ কৰিব পাৰে। কামৰ লগত জড়িত ভ্ৰমণলৈ যোৱাটো লাভজনক হ’ব। ধাৰ দিয়া ধন ঘূৰাই পাব পাৰে। মাতৃৰ স্বাস্থ্যৰ যতন লওক। পত্নীৰ সৈতে কোনো কথাত মতানৈক্য ঘটিব পাৰে। খং নিয়ন্ত্ৰণ কৰক।

মকৰ ৰাশি- পিতৃ-মাতৃৰ স্বাস্থ্যক লৈ উদ্বেগ বৃদ্ধি পাব, যাৰ ফলত ধনৰ ব্যয়ও বৃদ্ধি পাব পাৰে। প্ৰেমিকৰ লগত কিছু বিচ্ছিন্নতা থাকিব পাৰে। আত্মবিশ্বাসৰ অভাৱ হ’ব। ব্যৱসায়ত লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক। হঠাৎ কাৰোবাক বিশ্বাস কৰাৰ পৰা বিৰত থাকক। পত্নীৰ সমৰ্থন লাভ কৰিব পাৰিব। শিশুৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

কুম্ভ ৰাশি- খং নিয়ন্ত্ৰণ কৰক নহ’লে আপোনাৰ কথাত পৰিয়ালৰ কোনো সদস্যই বেয়া অনুভৱ কৰিব পাৰে। আধ্যাত্মিক কামত মন নিয়োজিত হব পাৰে। হঠাতে আৰ্থিক লাভৰ সম্ভাৱনা আছে, যাৰ ফলত বিত্তীয় অৱস্থা উন্নত হ’ব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে মতানৈক্য ঘটিব পাৰে যাৰ ফলত আপুনি পাবলগীয়া ভাল সুযোগো হেৰুৱাব লাগিব পাৰে।

মীন ৰাশি- আজি আপুনি হয়তো কিছুমান সমস্যাৰ সন্মুখীন হ’ব লাগিব, কিন্তু ধৈৰ্য্য ধৰিব। পূৰ্বতে কৰা অপচয়কাৰী ব্যয়ৰ বোজা আজি হয়তো আপুনি বহন কৰিব লাগিব। আয় হ্ৰাস হোৱাৰ বাবে মানসিক উদ্বেগ বৃদ্ধি পাব পাৰে। ৰাজনৈতিক ক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব পাৰে। পত্নীৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!