
নিউজ ডেস্কঃ অভিনেতা চনু সুদৰ আন এক মহানুভৱতা। এইবাৰ বিহাৰৰ এগৰাকী বিশেষভাৱে সক্ষম শিশুৰ সহায়ৰ বাবে আগবাঢ়ি আহিল জননায়ক চনু সুদ।
উল্লেখ্য যে, কিছুদিন পূৰ্বে বিহাৰৰ নৱাদা জিলাৰ এগৰাকী বিশেষভাৱে সক্ষম শিশুৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল।
চাৰিখন হাত আৰু ভৰিৰে জন্মগ্ৰহণ কৰা অতি দৰিদ্ৰ ঘৰৰ চৌমুখী নামৰ কন্যা শিশুটিৰ চিকিৎসাৰ বাবে পৰিয়ালৰ নাছিল আৰ্থিক সক্ষমতা।

শিশুটিৰ চিকিৎসাৰ বাবে পৰিয়ালে চৰকাৰ আৰু বিভিন্ন জনক সহায়ৰ আহ্বান জনাই আহিছিল যদিও কোনেও আগবাঢ়ি অহা নাছিল শিশুটিক সুস্থ কৰি তুলিবলৈ। কিন্তু শেষ মুহূৰ্তত ভাইৰেল ভিডিঅ’টো চকুত পৰাৰ পিছতে শিশুটি আৰু পৰিয়ালটোৰ কাষত থিয় হয় অভিনেতা চনু সুদ।
मेरा और चौमुखी कुमारी का सफ़र कामयाब रहा ❤️🙏 pic.twitter.com/Fj4TY8cGMS
— sonu sood (@SonuSood) June 9, 2022
সোণু ছুদে ছ’চিয়েল মিডিয়াৰ জৰিয়তে জনোৱা মতে, কন্যা শিশুটিৰ চিকিৎসা আৰম্ভ হৈছে। প্ৰায় ৭ ঘণ্টা ধৰি চলা এক কঠিন অস্ত্ৰোপচাৰৰ পিছত চৌমুখীৰ অতিৰিক্ত হাত-ভৰি আঁতৰাই পেলোৱা হৈছে।
কিৰণ হাস্পতালৰ চিকিৎসকে এই কঠিন অস্ত্ৰোপচাৰটো সফলতাৰে সম্পন্ন কৰি চৌমুখীক এক নতুন জীৱন প্ৰদান কৰিছে।
Sonu Sood ने पूरा किया वादा, Bihar के Nawada की Chaumukhi को दी जिंदगी @mansiragini#sonusood #nawada #chahumukhi pic.twitter.com/GdTcP1NJqP
— Bihar Tak (@BiharTakChannel) June 9, 2022
উল্লেখ্য যে, বিহাৰৰ ৱাৰিছলিগঞ্জ ব্লকৰ হেমদা গাঁৱৰ বাসিন্দা চৌমুখী। জন্মৰ সময়ৰ পৰাই চৌমুখীৰ পেটৰ পৰা দুখন হাত দুখন ভৰি ওলাই আহিছিল। কেৱল এয়াই নহয়, চৌমুখীৰ পৰিয়ালৰ বহু লোক প্ৰতিবন্ধী। কিন্তু দৰিদ্ৰতাৰ বাবে কোনেও চিকিৎসা লাভ কৰিব পৰা নাছিল।

পৰিয়ালটোৰ মতে, চৌমুখীৰ দেউতাকে কোনোবা নহয় কোনোবা প্ৰকাৰে পৰিয়ালটো পোহপাল দিবলৈ শ্ৰমিকৰ কাম কৰে। এনে অৱস্থাত তেওঁ চিকিৎসাৰ বাবে ধন সংগ্ৰহ কৰিবলৈ সক্ষম নহয়।
ছ’চিয়েল মিডিয়াৰ জৰিয়তে চৌমুখীৰ বিষয়ে জানিব পাৰি চনু সুদে শিশুটিৰ অস্ত্ৰোপচাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু শিশুটিৰ লগতে পৰিয়ালক মুম্বাইলৈ মাতি পঠিয়ায়।
ইয়াৰ পিছতে চৌমুখীক অস্ত্ৰোপচাৰৰ বাবে চুৰাটৰ কিৰণ হাস্পতাললৈ প্ৰেৰণ কৰা হয় আৰু তাতেই চিকিৎসকে সফলতাৰে চৌমুখীৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰে।