অসমীয়াঅসম

চাঞ্চল্যকৰ! ৰখাই থোৱা বাহনৰ ভিতৰত উদ্ধাৰ যুৱকৰ মৃতদেহ…

নিউজ ডেস্কঃ বিশ্বনাথত বাহনৰ ভিতৰত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

জানিব পৰা মতে, বিশ্বনাথৰ চতিয়াৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ খনাগুৰিৰ ESSAR তেল ডিপুৰ সন্মুখত ৰখাই থোৱা এখন ৱেগনআৰ বাহনৰ ভিতৰত উদ্ধাৰ হয় মৃতদেহ।

এএছ ১২এইছ ৬২২৪ নম্বৰৰ বাহনখনৰ সন্মুখৰ চিটত যুৱকজনৰ মৃতদেহ স্থানীয় লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।

photo1667718130 1

তাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

নিহত যুৱকজনৰ পৰিচয় চতিয়া বৰুৱাচুকৰ অৰ্ণৱ বৰুৱা (অভি) বুলি জানিব পৰা গৈছে।

ইফালে যিখন বাহনৰ ভিতৰত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হৈছিল, সেইখন বাহন তেওঁৰ নিজৰ বুলিও আৰক্ষীয়ে নিশ্চিত কৰিছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও যুৱকজনৰ মৃত্যু এতিয়াও ৰহস্যৰ আৱৰ্তত।

ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

লগতে চাওকঃ

ঋণ ৰেহাইৰ নামত ১ টকাৰ চেক পালে মহিলাই, চেক সংগ্ৰহ কৰিবলৈ খৰচ ১ হাজাৰ টকা

G2 4

Related Articles

Back to top button