fbpx
অসমীয়াৰাশিফল

চাওক আপোনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ২৭ ফেব্ৰুৱাৰী, সোমবাৰ

মেষ ৰাশি- আজি আপোনাৰ বাবে এটা ভাল দিন হ’ব। অফিচৰ কামত কিছু অসুবিধাৰ সন্মুখীন হ’ব পাৰে, কিন্তু ধৈৰ্য্য ধৰিব। সময়মতে কাম সম্পূর্ণ হ’ব৷ আজি মহিলাসকলৰ বাবে সকাহৰ দিন হ’ব। আপোনাৰ পত্নীৰ সহায়ত আপুনি অতি সোনকালে কিছু কাম সম্পূৰ্ণ কৰিব।

বৃষ ৰাশি- সৰু সৰু কথাত গুৰুত্ব নিদিলে দিনটো ভাল হ’ব। বৈবাহিক জীৱনত আজিৰ দিনটো অতি উত্তম সময় হ’ব। আজি আপুনি পৰিয়াল সন্দৰ্ভত কিছু ডাঙৰ সিদ্ধান্ত ল’বলৈ চেষ্টা কৰিব। ধন লাভ কৰিব পাৰে। কাকো মানসিক আঘাত দিয়াৰ পৰা বিৰত থাকক।

মিথুন ৰাশি- আজিৰ দিনটোত এটা সুখদায়ক আৰু আনন্দদায়ক যাত্ৰা সম্ভৱ হ’ব পাৰে। এই যাত্ৰাৰ জৰিয়তে আপোনালোকে ভাল যোগাযোগ গঢ়ি তুলিব। বিবাহিত জীৱনত উত্থান-পতন ঘটিলেও পৰিস্থিতি আপোনাৰ পক্ষত থাকিব। প্ৰেম জীৱনৰ বাবে দিনটো স্বাভাৱিক হ’ব। লেনদেনত সাৱধান হওক।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

কৰ্কট ৰাশি- আজি আপোনাৰ দিনটো স্বাভাৱিক হৈ পৰিব। অভিভাৱকসকলে ল’ৰা-ছোৱালীৰ সৈতে ওচৰৰ ক’ৰবাত পিকনিক স্পটলৈ যোৱাৰ সিদ্ধান্ত ল’ব। আপুনি কোনোবা এটা অনুষ্ঠানলৈ যাব, য’ত আপোনাক বহুত প্ৰশংসা কৰা হ’ব। আপোনাৰ বছৰ কথা ভালদৰে শুনিহে আপোনাৰ মতামত দিব লাগে।

সিংহ ৰাশি- আজি আপোনাৰ বাবে এটা স্বাভাৱিক দিন হ’ব। টকাৰ সুবিধা পাব। আপোনাৰ উৎসাহ বজাই ৰাখক কিয়নো ইয়াৰ দ্বাৰা আপোনাৰ সকলো বিপদৰ অন্ত পৰিব। খঙৰ ওপৰত চকু ৰাখিব লাগিব, নহ’লে হৈ উঠা কাম এটা নষ্ট হ’ব পাৰে। ঘৰলৈ অতিথিৰ আগমণ ঘটিব পাৰে।

কন্যা ৰাশি- এই দিনটোত নিজৰ স্বাস্থ্যৰ সম্পূৰ্ণ যত্ন লওক। স্বাস্থ্য আৰু অন্যান্য কাম-কাজৰ খৰচ বৃদ্ধি পাব, যাৰ ফলত আপোনাৰ পকেটত প্ৰভাৱ পৰিব পাৰে। বৈবাহিক জীৱনৰ ফালৰ পৰা আজি অনুকূল দিন। জীৱন সংগীৰ পৰা পাব মৰম। ভাতৃৰ পৰা সহযোগিতা লাভ কৰিব।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

তুলা ৰাশি- আজি আপোনাৰ দিনটো স্বাভাৱিক হ’ব। আপোনাৰ কিছুমান বিশেষ কাম হয়তো নিৰ্মাণৰ কামত আবদ্ধ হৈ পৰিব। ব্যৱসায়ত সমস্যাৰ অন্ত পৰিব। যিকোনো কাম কৰাৰ আগতে সেই বিষয়ৰ জ্ঞান থকা এজন ব্যক্তিৰ মতামত ল’ব লাগিব, ইয়াৰ দ্বাৰা আপোনাৰ উপকাৰ হ’ব।

বৃশ্চিক ৰাশি- আজি আপুনি কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লব লাগিব। কষ্ট আৰু অধ্যৱসায়ীতাৰে কাম কৰি আজি আপুনি ভাল সফলতা লাভ কৰিব। কঠোৰ পৰিশ্ৰমত বিশ্বাস কৰিবলৈ শিকক। কৰ্মক্ষেত্ৰত সুবিধা লাভ কৰিব। পত্নীয়ে হয়তো আপোনাৰ ওপৰত অলপ আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰিব।

ধনু ৰাশি- আজি সাৱধান হোৱাৰ দিন। হঠাৎ ভাগ্য উদয় হ’ব পাৰে আৰু কিছু ভাল খবৰ পাব পাৰে। আজি টকা উপাৰ্জনৰো নতুন সুযোগ লাভ কৰিব পাৰে। কিন্তু আপোনাৰ আচৰণ বেয়া হ’ব পাৰে, যাৰ ফলত আপোনাৰ সম্পৰ্কত বিপৰীত ধৰণে প্ৰভাৱ পৰিব। মাতৃৰ স্বাস্থ্যৰ যতন লওক।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

মকৰ ৰাশি– আজি আপোনাৰ বাবে ভাল দিন হ’ব। আপুনি যি কাম কৰিব বিচাৰে, সেই কামটো অতি সহজে সম্পূৰ্ণ হ’ব। আপোনাৰ প্ৰতিপত্তি অটুট ৰাখিবলৈ সমাজৰ কাম-কাজত সহযোগ কৰা উচিত। বিত্তীয় পৰিস্থিতিৰ উন্নতি হ’ব। বাহন আদি ক্ৰয়ৰ দীৰ্ঘদিনৰ পৰিকল্পনা আজি সফল হ’ব পাৰে।

কুম্ভ ৰাশি- আজিৰ দিনটোত উচ্চপদস্থ বিষয়াৰ লগত কথা পাতি থাকোঁতে বিচক্ষণ হোৱা উচিত। কৰ্মক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হ’ব পাৰে। ব্যৱসায় সম্পৰ্কত কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে অভিজ্ঞজনৰ পৰামৰ্শ লওক। ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে। অৱশ্যে এই ভ্ৰমণ কষ্টদায়ক হ’ব পাৰে।

মীন ৰাশি- পত্নী বা পৰিয়ালৰ কোনো সদস্যৰ সৈতে সাধাৰণ কথাতে মতানৈক্য ঘটিব পাৰে। কোনো এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি আপুনি গ্ৰহণ কৰিবলগীয়া হ’ব পাৰে। ধনৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক। তীৰ্থ ভ্ৰমণলৈ যাব পাৰে। ভূমি সংক্ৰান্তিয় বিবাদত ৰায় আপোনাৰ পক্ষত আহিব পাৰে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!