fbpx
অসমীয়াৰাশিফল

চাওক আপোনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ৩১ জানুৱাৰী, মঙলবাৰ

মেষ ৰাশি- বাক্যত মধুৰতা থাকিব। কিন্তু মনটো অশান্ত হ’ব পাৰে। শৈক্ষিক কামত গুৰুত্ব দিয়ক। কৰ্মক্ষেত্ৰত বাধাৰ সৃষ্টি হ’ব পাৰে। ব্যৱসায়ৰ বাবে বিদেশলৈ যাব পাৰে। ভ্ৰমণ লাভজনক হ’ব। পিতৃৰ পৰা আৰ্থিক সহায় লাভ কৰিব। অৱশ্যে আজি খৰছ অধিক হ’ব।

বৃষ ৰাশি- মনৰ উত্থান-পতন হব। শিশুৰ স্বাস্থ্যৰ যত্ন লওক। মানসিকভাৱে অসুস্থ অনুভৱ কৰিব পাৰে। চাকৰিটোত যিকোনো অতিৰিক্ত দায়িত্ব পাব পাৰে। কঠোৰ পৰিশ্ৰম বেছি হ’ব। মন্দিৰ দৰ্শনৰ বাবে যাব পাৰে। পৰিয়ালত সদ্ধাভ থাকিব। শিক্ষাক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হ’ব।

মিথুন ৰাশি- আত্মবিশ্বাস বহুত থাকিব, কিন্তু মনটো অশান্ত হ’ব পাৰে। পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ তীৰ্থযাত্ৰা কৰিব পাৰে। চাকৰিৰ ক্ষেত্ৰখনত পৰিৱৰ্তন হ’ব পাৰে। নিবনুৱা সকলে বন্ধুৰ সহায়ত সংস্থাপনৰ সুযোগ লাভ কৰিব পাৰে। মাতৃৰ স্বাস্থ্যৰ যতন লওক।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

কৰ্কট ৰাশি- আত্মবিশ্বাস থাকিব। কাকো আঘাত লগা কথা কোৱাৰ পৰা বিৰত থাকক। ব্যৱসায়ত সফলতা লাভ কৰিবলৈ অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ধৈৰ্য্য বজাই ৰাখিবলৈ চেষ্টা কৰক। শৈক্ষিক কামে সুখকৰ ফলাফল পাব। নিজৰ স্বাস্থ্যৰ যত্ন লওক। হঠাৎ ধন লাভ কৰিব পাৰে।

সিংহ ৰাশি- হতাশা আৰু অসন্তুষ্টি মনত থাকিব। মানসিক শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰক। পৰিয়ালৰ সমৰ্থন পাব। চাকৰিৰ সাক্ষাৎকাৰ আদিত আপুনি সফলতা লাভ কৰিব। উচ্চশিক্ষাৰ বাবে বহিঃৰাজ্যলৈ যাব লাগিব পাৰে। ঘৰলৈ অতিথিৰ আগমণ ঘটিব পাৰে। সন্তানৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে।

কন্যা ৰাশি- আত্মবিশ্বাস পূৰ্ণ হ’ব, কিন্তু অপ্ৰয়োজনীয় খং পৰিহাৰ কৰক। শিক্ষামূলক কামত সফলতা লাভ কৰিব। শিক্ষামূলক কামৰ বাবেও বহিঃৰাজ্যলৈ যাব পাৰে। বন্ধুৰ সমৰ্থন পাব। অসম্পূৰ্ণ কাম সময়মতে সম্পূৰ্ণ হোৱাত সকাহ লাভ কৰিব। ধন লাভ কৰিব পাৰে। অৱশ্যে খৰছৰ ওপৰত নজৰ ৰাখক।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

তুলা ৰাশি- শিল্প বা সংগীতৰ প্ৰতি প্ৰৱণতা বাঢ়িব পাৰে, কিন্তু মন অশান্ত হৈ থাকিব। ব্যৱসায়ৰ পৰিৱৰ্তন হব পাৰে। চাকৰিত পদোন্নতিৰ সুযোগ লাভ কৰিব যদিও গোপন শত্ৰুৰ পৰা সাৱধান হৈ থকা ভাল। বাহিৰত খাদ্য গ্ৰহণৰ পৰা পাৰিলে বিৰত থাকক। ভ্ৰমণৰ যোগ আছে।

বৃশ্চিক ৰাশি- মন সুখী হব। বাক্যৰ প্ৰভাৱ বাঢ়িব। চাকৰি সলনি হোৱাৰ সম্ভাৱনা আছে। কামৰ ক্ষেত্ৰতো পৰিৱৰ্তন হ’ব পাৰে। বন্ধু এজনৰ সমৰ্থন পাব। নিজৰ স্বাস্থ্যৰ যত্ন লওক। দূৰ ভ্ৰমণলৈ যোৱাৰ পৰা পাৰিলে আজি বিৰত থাকক। দিনটো অধিক কষ্টকৰ হব পাৰে।

ধনু ৰাশি- আত্মনিয়ন্ত্ৰিত হওক। অপ্ৰয়োজনীয় খং আৰু বিতৰ্ক পৰিহাৰ কৰক। শিশুৰ স্বাস্থ্যৰ যত্ন লওক। চাকৰিৰ ক্ষেত্ৰখন বৃদ্ধি হ’ব পাৰে। পাব বিষয়াসকলৰ সহযোগিতা। হঠাৎ ধন লাভ কৰিব পাৰে। বিশেষকৈ মাতৃপক্ষৰ কোনোবা এজনৰ পৰা আজি লাভ কৰিব আৰ্থিক সহায়। ঘৰত ধৰ্মীয় কাৰ্যসূচী সম্পন্ন হ’ব পাৰে।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

মকৰ ৰাশি- মন সুখী হ’ব, কিন্তু তথাপিও সংযত থাকিব। নিজৰ আৱেগ নিয়ন্ত্ৰণত ৰাখক। শিক্ষাৰ কামত বহিঃৰাজ্যলৈ যাব পাৰে। পৰিশ্ৰম অধিক হব। কৰ্মক্ষেত্ৰত অহা বাধা সহকৰ্মীৰ সহায়ত দূৰ কৰিব পাৰিব। ব্যৱসায়ী সকলে ধনৰ লেনদেনৰ ক্ষেত্ৰত আজি সাৱধান হোৱা ভাল।

কুম্ভ ৰাশি- মন শান্ত হৈ থাকিব। আত্মবিশ্বাসো ভৰপূৰ হ’ব, কিন্তু জীৱন সংগীৰ স্বাস্থ্যৰ যত্ন লওক। অভিভাৱকৰ সমৰ্থন পাব। চাকৰিৰ ক্ষেত্ৰখনত পৰিৱৰ্তন হ’ব পাৰে। ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো অধিক লাভজনক প্ৰমাণিত হ’ব। সাহিত্য-সংগীতৰ সৈতে জড়িত সকলে সন্মান অৰ্জন কৰিব।

মীন ৰাশি- পাৰিবাৰিক জীৱন সুখী হ’ব, কিন্তু আয় হ্ৰাস আৰু অধিক ব্যয়ৰ পৰিস্থিতি হ’ব। ব্যৱসায়ত অধিক কঠোৰ পৰিশ্ৰম হ’ব। শিক্ষাৰ কামত বহিঃৰাজ্যলৈ যাব পাৰে। মাতৃৰ পৰামৰ্শই আজি আপোনাক সফলতা প্ৰদান কৰাত সহায় কৰিব পাৰে। কিন্তু পত্নীৰ সৈতে মনোমালিন্যই আপোনাৰ মানসিক অশান্তি বৃদ্ধি কৰিব।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!