fbpx
অসম

ঘৰলৈ উভটি ফইজুল… গুৱাহাটীতে এৰি থৈ আহিল ৰং কৰি ভাত মোকোলোৱা এখন হাত…

“ঘৰলৈ উভটি আহিল ফাইজুল।

গুৱাহাটী মেডিকেল কলেজ হাস্পতালত জীৱনৰ বাবে এৰি থৈ আহিল শৰীৰৰ সোঁহাতখন।

আজীৱন এক পংগুত্বৰ জীৱন অতিবাহিত কৰিবলৈ সাজু বোকাখাত শেৱালিপাৰৰ ১৯ বছৰীয়া দৰিদ্ৰ পিতৃহীন যুৱকজন।

চলিত বৰ্ষৰ ৮ জানুৱাৰীত বোকাখাত বিজেপিৰ কাৰ্যালয়ত ৰঙৰ কাম কৰিবলৈ গৈ কাৰ্যালয়টোৰ ওপৰেদি পাৰহৈ যোৱা উচ্চ ক্ষমতাৰ ১১ কে ভি বিদ্যুতৰ তাঁৰত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছিল ফাইজুল আলি।

কাৰ্যালয়টোৰ মুধচৰ টিনৰ চালিত কাম কৰি থাকোতে সংঘটিত হৈছিল ঘটনাটো।

ততাতয়াকৈ ফাইজুলক বোকাখাতৰ শ্বহিদ কমলামিৰি অসামৰিক চিকিৎসালয়ত কৰা প্ৰাথমিক চিকিৎসাৰ অন্তত অতি সংকটজনক অৱস্থাত অস্কিজেন সংযোগ কৰি যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল।

পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে যুৱকজনক গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল যদিও গুৱাহাটীত হোৱা চিকিৎসাত ফাইজুলৰ সোঁহাতখন কাতি পেলাব লগীয়া হয় চিকিৎসকে।

এজন উদীয়মান দৰিদ্ৰ ৰঙৰ মিস্ত্ৰীয়ে হেৰুৱাব লগীয়া হ’ল ৰং কৰি ভাত মোকোলোৱা এটা হাত।

ফাইজুলৰ এগৰাকী আত্মীয়ই জানিবলৈ দিয়া মতে ইতিমধ্যে ২ লাখ টকাৰো অধিক ব্যয় কৰা হৈছে চিকিৎসাত।

চিকিৎসকৰ মতে আৰু অধিক উন্নত চিকিৎসাৰ প্ৰয়োজন হ’ব ফাইজুলৰ।

কিন্তু প্ৰশ্ন হৈছে দিন হাজিৰা কৰা ফাইজুলৰ বাবে পৰৱৰ্তী চিকিৎসা সম্ভৱ হ’বনে ?

ইফালে অতি কষ্টৰে ২ লাখৰো অধিক ধন ব্যয় কৰি বৰ্তমানেও চিকিৎসাধীন ফাইজুলক চিকিৎসাৰ বাবে মাত্ৰ দুই হাজাৰ টকা প্ৰদান কৰিয়েই দায়িত্ব সামৰিলে বোকাখাত বিজেপিয়ে।

উল্লেখযোগ্য যে, চচিয়েল মিডিয়াত ফাইজুলৰ ঘটনাটো প্ৰকাশ পোৱাৰ পাছত বিভিন্ন জনে যুৱকজনৰ এক স্থায়ী সংস্থাপনৰ বাবে বোকাখাত বিজেপিৰ প্ৰতি দাবী জনাইছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!