ঘোচ লৈ হাতে-লোটে গ্রেপ্তাৰ হ’ল জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা…

দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

এইবাৰ ঘোচ লৈ হাতে-লোটে গ্রেপ্তাৰ হ’ল জলসিঞ্চন বিভাগৰ এগৰাকী কাৰ্যবাহী অভিযন্তা।

৫০ হাজাৰ টকা ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল কাৰ্যবাহী অভিযন্তা আকবৰ আলী।

জলসিঞ্চন বিভাগৰ দুধনৈ পূব বিভাগত নিয়োজিত আছিল কাৰ্যবাহী অভিযন্তাজন।

2iYXrYR ?format=jpg&name=small

তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে অভিযন্তাজনক।

ঠিকাদাৰৰ পৰা ধন লৈ গ্ৰেপ্তাৰ হৈছে আকবৰ আলী।

ঠিকাদাৰজনক ৫ লাখ টকাৰ ধন দাবী কৰিছিল আকবৰ আলীয়ে।ইয়াৰে ৫০ হাজাৰ টকা লোৱাৰ অৱস্থাতে গ্ৰেপ্তাৰ হয় অভিযন্তাগৰাকী।

লগতে মুখ্য সহায়ক জগদীশ ৰাভাও পৰিছে তদাৰকী আৰু দুৰ্নীতি নিবাৰকৰ জালত।

Leave a Comment