fbpx
অসমীয়াৰাষ্ট্ৰীয়

গৰুক স্পৰ্শ কৰিলে নহয় উচ্চ ৰক্তচাপ, বিভিন্ন ৰোগ! ‘গো আলিংগন দিৱস’ৰ প্ৰয়োজনীয়তা সম্পৰ্কে উদ্ভট যুক্তি বিজেপি মন্ত্ৰীৰ…

নিউজ ডেস্কঃ ১৪ ফেব্ৰুৱাৰীত ‘ভেলেণ্টাইন ডে’ৰ সমানে ‘গৰু আলিংগন দিৱস’ পালন কৰিবলৈ ভাৰতীয় পশু কল্যাণ পৰিষদে আহ্বান জনোৱাৰ পিছতে এই সিদ্ধান্তক আদৰণি জনাইছে বিজেপি তথা হিন্দুত্ববাদী সংগঠনসমূহে।

তেনে সময়ত নিজৰ সপক্ষে যুক্তি দৰ্শাবলৈ গৈ উদ্ভট মন্তব্য কৰিবলৈও বাদ পৰা নাই একাংশ হিন্দুত্ববাদী নেতা-মন্ত্ৰী-বিধায়ক।

তেনেধৰণৰ এক মন্তব্যৰেই শেহতীয়াকৈ চৰ্চিত হৈ পৰিছে উত্তৰ প্ৰদেশৰ পশুপালন মন্ত্ৰী ধৰ্ম পাল সিং।

ভাৰতীয় পশু কল্যাণ পৰিষদৰ সিদ্ধান্তক আদৰণি জনাই গৰুৰ উপকাৰীতাৰ বিষয়ে ক’বলৈ গৈ আজৱ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

উত্তৰ প্ৰদেশৰ পশুপালন মন্ত্ৰীগৰাকীৰ দাবী- গৰুক স্পৰ্শ কৰিলে নিৰ্মূল হয় উচ্চ ৰক্তচাপকে ধৰি বিভিন্ন ৰোগ।

গৰু আলিংগন দিৱসৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰি এই মন্তব্য কৰে মন্ত্ৰী ধৰ্ম পাল সিঙে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও গৰুৰ গোৱৰ, গোমূত্ৰ আদিক লৈ উদ্ভট মন্তব্য কৰি আহিছে বিজেপিৰ সাংসদ-মন্ত্ৰীয়ে।

কোভিড কালত গোমূত্ৰ সেৱন কৰিলে কোৰোনা নহয় বুলি প্ৰচাৰ চলাইছিল বিজেপিৰ বিতৰ্কিত সাংসদ সাধ্বী প্ৰজ্ঞাই।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!