fbpx
ৰাষ্ট্ৰীয়অসমীয়া

গুটখা কােম্পানীৰ বিজ্ঞাপনৰ বাবে ক্ষমা প্ৰাৰ্থনা অভিনেতা অক্ষয় কুমাৰৰ

নিউজ ডেস্ক। এফালে ফিট ইণ্ডিয়াৰ প্ৰচাৰ আৰু আনফালে যুৱ প্ৰজন্মক ধ্বংস কৰা গুটখা কােম্পানীৰ বিজ্ঞাপনত অংশ লােৱাৰ বাবে তীব্ৰ সমালােচনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিছে বলিউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে।

সামাজিক মাধ্যমত অনুৰাগীসকলৰ ব্যাপক ট্ৰােলৰ সন্মুখীন হৈ এই পদক্ষেপ ল’লে অভিনেতাজনে।

p1 21

উল্লেখ্য যে এই বিশেষ গুটখা কোম্পানীৰ হৈ পূৰ্বৰে পৰা প্ৰচাৰ চলাইছিল অজয় দেৱগান আৰু শ্বাহৰুখ খানেও।

শেহতীয়াকৈ অক্ষয় কুমাৰেও এই দুই অভিনেতাৰ সৈতে বিজ্ঞাপনত কােম্পানীটােৰ নতুন প্ৰডাক্টৰ প্ৰচাৰৰ বাবে অংশ লৈছিল।

প্ৰায় এসপ্তাহ আগতে গুটখা নিৰ্মাণ কৰা এই কোম্পানীটোৱে ইলাচীৰ বাবে এটা নতুন বিজ্ঞাপন মুকলি কৰিছিল।

এই বিজ্ঞাপনটােত অজয় দেৱগান আৰু শ্বাহৰুখ খানৰ লগতে দেখা গৈছিল অক্ষয় কুমাৰকাে। ইয়াৰ পিছতে সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ, কিয়নাে ২੦১৮ বছৰ ভাৰত চৰকাৰৰ হৈ ‘ফিট্ ইণ্ডিয়া’ৰ অভিযানৰ বাবে প্ৰচাৰ চলাইছিল অক্ষয়ে।

তেনে ক্ষেত্ৰত যুৱ প্ৰজন্মক ধ্বংসৰ দিশে ঠেলি দিয়া পাণ মছলা উৎপাদন কৰা কােম্পানীৰ বিজ্ঞাপনত অক্ষয় কুমাৰে যােগদান কৰাটােৱে এক সম্পূৰ্ণ বিপৰীত ছবিকে প্ৰতিফলিত কৰিছিল।

এই বিজ্ঞাপন সম্প্ৰচাৰৰ পিছতে সামাজিক মাধ্যমত অক্ষয় কুমাৰক ব্যাপকভাৱে ট্ৰােল কৰা হৈছিল।

সেয়েহে এই কাৰ্যৰ বাবে নিজে দুঃখিত অনুভৱ কৰি সামাজিক মাধ্যমত প’ষ্ট অক্ষয় কুমাৰৰ।

অক্ষয় কুমাৰে সামাজিক মাধ্যমত লিখিছে, ‘মই দুঃখিত। মই আপোনাৰ ওচৰত, মোৰ সকলো অনুৰাগী আৰু শুভাকাংক্ষীৰ ওচৰত ক্ষমা বিচাৰিব বিচাৰো। যোৱা কেইদিনমানৰ পৰা আপোনাৰ প্ৰতিক্ৰিয়াই মোক উদ্বিগ্ন কৰিছে। যদিও মই ধপাতৰ সমৰ্থন কৰা নাই আৰু নকৰো, মই বিমল ইলাইচিৰ সৈতে মোৰ সম্পৰ্কৰ পৰিপ্ৰেক্ষিতত আপোনাৰ অনুভূতিৰ উচ্ছ্বাসক সন্মান কৰোঁ। নম্ৰতাৰে, মই এই পদক্ষেপৰ পৰা পিছুৱাই গৈছাে। বিজ্ঞাপনৰ বাবে লাভ কৰা সকলােখিনি মই এটা যোগ্য কাৰণত আগবঢ়াই দিয়াৰ সিদ্ধান্ত লৈছো। ব্ৰেণ্ডটোৱে মোৰ বাবে বাধ্যতামূলক চুক্তিৰ আইনী ম্যাদলৈকে বিজ্ঞাপনবোৰ সম্প্ৰচাৰ কৰা অব্যাহত ৰাখিব পাৰে, কিন্তু মই মোৰ ভৱিষ্যতৰ বিজ্ঞাপনৰ বাছনি কৰাৰ ক্ষেত্ৰত অত্যন্ত সতৰ্ক হোৱাৰ প্ৰতিশ্ৰুতি দিছো। তাৰ বিনিময়ত মই চিৰদিনৰ বাবে আপোনাৰ মৰম আৰু ইচ্ছা বিচাৰি থাকিম।’

লগতে চাওকঃ

প্ৰেমৰ পৰিণতি! দুই প্ৰেয়সীক একেলগে পত্নীৰ মৰ্যাদা প্ৰদান কৰি বিয়াত বহিল যুৱক…

591

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!