fbpx
অসমীয়াঅসম

গুচি গ’ল জিউ বেটা! অসমবাসীৰ অলেখ প্ৰাৰ্থনাইও ওভতাই আনিব নোৱাৰিলে হাস্পতালৰ পৰা…

নিউজ ডেস্কঃ অৱশেষত গুচি গ’ল মৰমৰ জিউ বেটা।

পিতৃ-মাতৃৰ অশেষ প্ৰচেষ্টা আৰু অসমবাসীৰ প্ৰাৰ্থনাইও হাস্পতালৰ পৰা ওভতাই আনিব নোৱাৰিলে কাব্যনীল পৰাশৰ তথা সকলোৰে মৰমৰ জিউ বেটাক।

মাত্ৰ দুই বছৰ বয়সতে জীৱনৰ সৈতে যুঁজি পৰাস্ত হোৱা জিউৰ মৃত্যুৰ খবৰে আজি শোকাহত কৰি তুলিছে সকলোকে।

image 63

উল্লেখ্য যে, গুৱাহাটীৰ জিএনআৰচি হাস্পতালত ভুল চিকিৎসাৰ বলি হৈছিল কণমানি জিউ।

তাৰ পিছতে জিউক সুস্থ কৰি তুলিবলৈ উঠিপৰি লাগিছিল পিতৃ-মাতৃ।

জিউক ভৰ্তি কৰা হৈছিল দিল্লী আৰু বাংগালুৰৰ প্ৰসিদ্ধ হাস্পতালত।

দিল্লীৰ মেক্স হাস্পতালত প্ৰায় এবছৰ পূৰ্বে সফলভাৱে যকৃত সংৰোপণ কৰা হৈছিল জিউৰ দেহত।

image 64

সেই যকৃত জিউক দান কৰিছিল পিতৃ তথা সমাজকৰ্মী মৃদুল বৰ্মনে।

দিল্লীৰ হাস্পতালত চিকিৎসা কৰি সুস্থ হৈ উঠাৰ পিছত জিউক ওভতাই অনা হৈছিল ঘৰলৈ।

কিন্তু কিছুদিন পূৰ্বে পুনৰ অসুস্থ হৈ পৰে কণমানিটি।

তাৰ পিছতে গুৱাহাটীৰ আকাংক্ষা হাস্পতালত পুনৰ শিশুটিক ভৰ্তি কৰোৱা হয়।

image 65

তাতেই বুধবাৰে মৃত্যু ঘটে মৰমৰ জিউ বেটাই।

পিতৃ-মাতৃৰ একমাত্ৰ সন্তান জিউ যাতে সুস্থ হৈ উঠে তাৰ বাবে প্ৰাৰ্থনা জনাইছিল সকলোৱে।

কিন্তু মৃত্যুৱে হাত বাউলি শিশুটিক পিতৃ-মাতৃৰ বুকুৰ পৰা কাঢ়ি নিয়াত এতিয়া শোকত ভাগি পৰিছে পিতৃ-মাতৃৰ লগতে সমগ্ৰ অসমবাসী।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!