fbpx
অসম

কোৱাৰ্টাৰ ফাইনেলত থমকিল নয়নমণি শইকীয়া, লন বলৰ দ্বিতীয়টো পদক অৰ্জনত ব্যৰ্থ নয়নমণি

কোৱাৰ্টাৰ ফাইনেলত থমকিল অসম গৌৰৱ নয়নমণি শইকীয়া।

মহিলাৰ ডাৱলছৰ কোৱাৰ্টাৰ ফাইনেলত আজি পদক জয়ৰ লক্ষ্যৰে যুঁজত নামিছিল অসমৰ নয়নমণি।

খেলখনত দুৰ্দান্ত প্ৰদৰ্শন স্বত্ত্বেও ইংলেণ্ডৰ প্ৰতিদ্বন্দ্বীৰ হাতত পৰাস্ত হয় নয়নমণি।

যাৰ বাবে লন বলৰ দ্বিতীয়টো পদক অৰ্জনত ব্যৰ্থ নয়নমণি।

উল্লেখ্য যে, ইতিহাস ৰচনা কৰি বাৰ্মিংহামত ল’ন বলত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছে ভাৰতীয় দলে।

ভাৰতৰ এই দলটােত আছিল অসমৰ নয়নমণি শইকীয়াও।

গোলাঘাটৰ এখন সৰু গাঁৱৰ পৰা ওলাই আহি কমনৱেলথ গেমছত পদক জয় কৰি প্ৰথমগৰাকী অসমীয়া মহিলা হিচাপে ইতিহাস ৰচিবলৈ সক্ষম হয় নয়নমণিয়ে।

কমনৱেলথ গেমছত লন বলত ভাৰতে দক্ষিণ আফ্ৰিকাক ১৭-১০ গ’লত পৰাস্ত কৰি এই পদক জয় কৰিবলৈ সক্ষম হয়।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!