
নিউজ ডেস্ক। কোভিড-১৯ত আক্ৰান্ত হৈছে কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈ।
মঙ্গলবাৰে তেওঁ কোভিড আক্ৰান্ত হোৱাৰ বিষয়ে টুইটযোগে জানিবলৈ দিয়ে।

কংগ্ৰেছ নেতা গৰাকীৰ দেহত কোভিডৰ সাধাৰণ লক্ষণ থকাৰ লগতে বৰ্তমান তেওঁ হোম আইশ্যলেচনত থকা বুলি জানিবলৈ দিয়ে।
I have tested positive for COVID-19. I am isolating myself for the required time. I have mild symptoms. All those who came into contact with me last few days are requested to observe their symptoms and test if necessary.
— Gaurav Gogoi (@GauravGogoiAsm) January 25, 2022
কোভিড আক্ৰান্ত হোৱাৰ বিষয়ে টুইটযোগে জানিবলৈ দি গৌৰৱ গগৈয়ে কয়, “মোৰ কোভিড-১৯ৰ পৰীক্ষা ৰিজাল্ট পজিটিভ আহিছে। মই প্ৰয়োজনীয় সময়ৰ বাবে নিজকে পৃথক কৰি ৰাখিছোঁ। মোৰ দেহত কোভিডৰ সাধাৰণ লক্ষণ আছে।
যোৱা কেইদিনমানৰ পৰা মোৰ সংস্পৰ্শলৈ অহা সকলোকে তেওঁলোকৰ লক্ষণবোৰ পৰ্যবেক্ষণ কৰিবলৈ আৰু প্ৰয়োজন হ’লে পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছোঁ।”
লগতে চাওকঃ
শোকাৱহ! দ খাৱৈত বাগৰি পৰিল বাহন, ৭ গৰাকী মেডিকেল ছাত্ৰৰ কৰুণ মৃত্যু
