অসমীয়াঅসম

কোচ-ৰাজবংশী সকলৰ জনজাতিকৰণৰ দাবীত শ্ৰীৰামপুৰত বিশাল ৰে’ল অৱৰোধ কাৰ্যসূচী…

নিউজ ডেস্কঃ কোচ-ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত দেওবাৰে ৰে’ল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম কোচ-ৰাজবংশী সন্মিলনে।

অসম-বংগ সীমান্তৱৰ্তী কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰত পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১ বজালৈ ৰে’ল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰি সংগঠনটোৱে জনগোষ্ঠীটোৰ জনজাতিকৰণৰ দাবী উত্থাপন কৰে।

photo1667725584

ইফালে এই প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে শ্ৰীৰামপুৰৰ ৰে’ল অৱৰোধস্থলীৰ সৈতে সংলগ্ন প্ৰতিটো পথ আৰু উপ-পথত বৃহৎ পৰিমাণৰ অৰ্ধ সামৰিক বাহিনী আৰু আৰক্ষী বাহিনী মোতায়েন কৰে প্ৰশাসনে।

সংগঠনটোৰ এই বিশাল প্ৰতিবাদী কাৰ্যসূচীত হাজাৰ হাজাৰ লোকে অংশ লোৱা পৰিলক্ষিত হয়।

Related Articles

Back to top button