অসম

কেনে আছে জুবিন গাৰ্গ? চিকিৎসালয়ৰ পৰা অসমবাসীক কি ক’লে জুবিনে…?

সুস্থ হৈছে অসমৰ জনপ্ৰিয় শিল্পী তথা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গ।

বৃহস্পতিবাৰে নিশা হঠাতে অসুস্থ হৈ পৰিছিল জুবিন গাৰ্গ।

উচ্চৰক্তচাপ জনিত সমস্যাত আক্রান্ত জুবিনক ভৰ্তি কৰোৱা হৈছে আয়ুৰচুন্দ্ৰা হাস্পতালত।

‘ছাম হে ছামন্দৰ’ গীতটোৰ ৰেকৰ্ডি চলি থকাৰ সময়তে হঠাৎ অসুস্থ কন্ঠশিল্পী জুবিন গাৰ্গ।

জয়ানগৰৰ চিকমিক ষ্টুডিঅ’ত চলি আছিল গানৰ ৰেকৰ্ডিং।

অৱশ্যে বৰ্তমান শিল্পীগৰাকীৰ স্বাস্থ্য সুস্থিৰ।

ইয়াৰ পাছতে চিকিৎসালয়ৰ পৰা এক বিশেষ বিডিঅ’ প্ৰেৰণ কৰিছে জুবিনে।

জুবিনে কৈছে- ‘সকলোকে মৰম জনাইছোঁ। চিন্তা কৰিব লগীয়া কাৰণ নাই। কালি ষ্টুডিঅ’ত কাম কৰি থাকোতে ব্লাড প্ৰেছাৰটো হাই হৈ গৈছিল যাৰ বাবে গাটো বেয়া হৈ গৈছিলে। বৰ্তমান চিকিৎসকে মোৰ পৰীক্ষা নিৰীক্ষা কৰি মোক সুস্থ বুলি ঘোষণা কৰিছে। মই ২৪ ঘণ্টা আয়ুৰচুন্দ্ৰাতে চিকিৎসকৰ তত্বাৱধানত থাকিম। কাইলৈ ৰাতিপুৱা মই পুনৰ মোৰ কামলৈ ঘূৰি যাম। সকলোকে মৰম জনাইছোঁ। আশীৰ্বাদ কৰিব যাতে মই সোনকালে ঘূৰি আহিব পাৰোঁ। thank you very much, love you, অতি সোনকালে ল’গ পাই আছোঁ।’

Leave a Reply

Your email address will not be published. Required fields are marked *