
নিউজ ডেস্কঃ সোণাৰিৰ চাঞ্চল্যকৰ আৰক্ষী জোৱান গোকুল বসুমতাৰী হত্যাকাণ্ডৰ হত্যাকাৰী সতীৰ্থই সাংবাদিকৰ সন্মুখত জনালে হত্যাৰ কাৰণ।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নিয়াৰ সময়ত সতীৰ্থ আৰক্ষী জোৱান গোকুল বসুমতাৰীক গুলীয়াই হত্যা কৰাৰ কাৰণ কৈ গ’ল হত্যাকাৰী দীপক কাকতিয়ে।

দীপক কাকতিয়ে স্বীকাৰ কৰা মতে, প্ৰথমে তেওঁক প্ৰহাৰ কৰিছিল সতীৰ্থ জোৱান গোকুল বসুমতাৰীয়ে।
হত্যাকাৰীজনে কয়, ‘মই তাক গুলীওৱাৰ কাৰণ আছে। সি মোক মাৰিছিল। সেই কাৰণে মই তাক গুলীয়াইছিলো।’

বহুদিন পূৰ্বে গোকুল বসুমতাৰীয়ে দীপক কাকতিক দুটা গোৰ মাৰিছিল বুলি কেমেৰাৰ সন্মুখত মন্তব্য কৰে হত্যাকাৰীয়ে।

অৱশ্যে গোকুল বসুমতাৰীক হত্যা কৰাৰ কাৰণ এয়া নহয় বুলিও কৈ গ’ল সতীৰ্থ দীপক কাকতিয়ে।
সোণাৰিৰ আৰক্ষী জোৱান গোকুল বসুমতাৰীৰ হত্যাকাণ্ডই সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।