
নিউজ ডেস্কঃ আত্মহত্যা শব্দটো উঠাই দি তাৰ ঠাইত ব্যৱহাৰ কৰিব লাগে আত্মমুক্তি শব্দ।
এই মন্তব্য বিজেপি বিধায়ক মৃণাল শইকীয়াৰ।
অসমৰ লগতে সমগ্ৰ দেশত বৃদ্ধি পোৱা আত্মহত্যাৰ ঘটনাৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ‘আত্মহত্যা’ শব্দৰ বিৰোধিতা মৃণাল তালুকদাৰৰ।
তেওঁ কয়, ‘মই আত্মহত্যা বুলি ক’ব নোখোজো… মোৰ মতে আত্মহত্যা শব্দটো উঠাই দিব লাগে। তাৰ ঠাইত আত্মমুক্তি বুলি ক’ব লাগে।’
আত্মহত্যাৰ দৰে পথ বাচি লোৱা এজন ব্যক্তিৰ মনত কিমান চিন্তা, কিমান যন্ত্ৰণা থাকে, সেয়া তেওঁৱে বুজে বুলি মন্তব্য কৰে মৃণাল শইকীয়াই।
বিধায়কগৰাকীৰ মতে, কোনো কাৰণ নোহোৱাকৈ কোনেও ইমান সুন্দৰ পৃথিৱীখন এৰি থৈ নাযায়।
আনহাতে ছাত্ৰ-ছাত্ৰীৰ মাজত বৃদ্ধি পোৱা আত্মহত্যাৰ ঘটনাত উদ্বেগ ব্যক্ত কৰি বিধায়ক মৃণাল শইকীয়াই কয় যে আজিকালি অভিভাৱকে ল’ৰা-ছোৱালীৰ মাজত প্ৰতিযোগিতাৰ সৃষ্টি কৰিছে।
এজন ল’ৰাই স্কুলতো ভাল ৰিজাল্ট কৰিব লাগিব, আৰ্টৰ স্কুলতো যাব লাগিব, সাঁতোৰো শিকিব লাগিব… এনে ধৰণৰ মানসিক সমস্যাৰ বাবেই আত্মহত্যাৰ দৰে পথ বাচি লয় বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে।