কিনো জানে তাই! কণমানি ভায়েকক মাকে দিয়াৰ দৰেই বুকুৰ উম দিয়াৰ চেষ্টা, তথাপিও চোন কান্দিবলৈ এৰা নাই…

নিউজ ডেস্কঃ শিশুটিয়ে যেতিয়াই কান্দিছিল, দৌৰি আহি কোলাত তুলি লৈছিল মাকে।
মাকৰ কোলাত উঠি বুকুৰ গাখীৰ খাই খাই এসময়ত শান্ত হৈছিল শিশুটি।
কিন্তু এতিয়া নাই শিশুটিৰ মাক। নাই দেউতাক কিম্বা পৰিয়ালৰ আন সদস্যও।
সেয়ে এতিয়া শিশুটিয়ে কান্দিলে তাক কোলাত তুলি ল’ব কোনে? গাখীৰ দিব কোনে?
শিশুটিৰ কাষত এতিয়া তাৰ কণমানি বায়েক মাথো। বয়স খুউব বেছি ৫ বছৰ অথবা তাতকৈও কম!
কিন্তু আজি মাকৰ বুকুৰ উমৰ পৰা বঞ্চিত শিশুটিয়ে ভোকত আতুৰ হৈ যেতিয়া আকৌ কান্দিছে, তেতিয়া তাক নিচুকাবলৈ একো উপায় বিচাৰি পোৱা নাই তাৰ কণমানি বায়েকে।
সেয়ে শিশুটিৰ বাবে এখন্তেকৰ বাবে মাক হ’ব বিচাৰিছে কণমানিটিয়ে।
তাই দেখিছিল- ভায়েকে কান্দিলে মাকে বুকু উদঙাই দিয়া। আৰু তাৰ পিছত কণমানি ভায়েক শান্ত হোৱাও তাই দেখিছিল।
আজি যেতিয়া ভায়েকে কান্দিছে, তাইও মাকৰ দৰেই কৰিছে। তথাপিও আজি কিন্তু শান্ত হোৱা নাই সি। বৰং কান্দিছে, জোৰ জোৰকৈ কান্দিছে।
উপায়হীন হৈ তাইও কান্দিছে। ভায়েকে কান্দিছে ভোকত, তাই আজি কান্দিছে অন্য এক কাৰণত।
বুকু ভেদি যোৱা এই হৃদয় বিদাৰক দৃশ্যই নিশ্চয় কন্দুৱাব আপোনাকো।
দৃশ্য সেয়া বিধ্বস্ত তুৰস্কৰ।
প্ৰচণ্ড ভূঁইকপত ধ্বংসস্তূপত বিলীন হোৱা তুৰস্কৰ আন বহু শিশুৰ দৰেই নিঠৰুৱা হ’ল এইহাল ভাতৃ-ভগ্নী।
বৰভূঁইকপে কাঢ়ি লৈ গ’ল শিশু দুটিৰ পিতৃ-মাতৃক।
तुर्की में आए भूकंप के बाद आ रही तस्वीरें रुला रही।
— Raksha (@raksha_s27) February 10, 2023
इस वीडियो ने तो झकझोर कर रख दिया।
हे प्रभु, सबकुछ सही करिए। ये सब देखा नहीं जा रहा। pic.twitter.com/KkQoDBGFrN
তাৰ পিছতে এতিয়া কণমানি ভাতৃৰ কাষত অসহায় হৈ পৰা কণমানি ভগ্নীৰ এই হৃদয় বিদাৰক দৃশ্যই কন্দুৱাইছে সকলোকে।
উল্লেখ্য যে, তুৰস্কত ইতিমধ্যে ভূমিকম্পৰ ফলত মৃত্যু ঘটা লোকৰ সংখ্যা ৩৩ হাজাৰৰো অতিক্ৰম কৰিছে।
আশ্ৰয়হীন হৈ পৰিছে এতিয়া হাজাৰ হাজাৰ লোক।
তেনে সময়তে পিতৃ-মাতৃক হেৰুওৱা এই শিশু দুটিক উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলে।