অসমীয়াঅসম

কিদৰে দুৰ্ঘটনাত পতিত হ’ল বৰষাৰাণী বিষয়া? কেনে আছে অভিনেত্ৰীগৰাকী আৰু স্বামী…

নিউজ ডেস্কঃ অভিনেত্ৰী বৰষাৰাণী বিষয়া দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ প্ৰচাৰৰ লগে লগে তেওঁৰ আশু আৰোগ্য কামনাৰে প্ৰাৰ্থনা জনাইছে অসংখ্য গুণমুগ্ধই।

কিন্তু বৰ্তমান কেনে আছে এতিয়া বৰষাৰাণী বিষয়া আৰু তেওঁৰ স্বামী ভাস্কৰ বৰুৱা!

জানিব পৰা মতে, শনিবাৰে নিশা প্ৰায় ১১ বজাত চৰাইদেউৰ টেঙাপুখুৰীত দুৰ্ঘটনাত পতিত হয় বৰষাৰাণী বিষয়াৰ বাহনখন।

সাপেখাতীৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি স্বামী ভাস্কৰ বৰুৱাৰ সৈতে যোৰহাটৰ ঘৰলৈ উভতি অহাৰ পথতে সংঘটিত হয় দুৰ্ঘটনাটো।

জানিব পৰা মতে, বিপৰীত দিশৰ পৰা অহা এখন এল্ট’ বাহনৰ সৈতে সংঘৰ্ষ ঘটে অভিনেত্ৰীগৰাকীৰ বাহনখন।

দুৰ্ঘটনাত পতিত হোৱা আনখন বাহনত আছিল ৫জন যাত্ৰী।

দুৰ্ঘটনাটোত আটাইকেজন লোক কম-বেচি পৰিমাণে আহত হয়।

বৰ্তমান তেওঁলোক লিগিৰিপুখুৰী হাস্পতালত চিকিৎসাধীন হৈ আছে।

ইফালে এই দুৰ্ঘটনাত সামান্য পৰিমানে আহত হয় বৰষাৰাণী বিষয়া আৰু তেওঁৰ স্বামী ভাস্কৰ বৰুৱা।

চিকিৎসকে দুয়োজনকে সংকটমুক্ত বুলি জানিবলৈ দিছে।

Related Articles

Back to top button