কাৰেং ঘৰৰ আৰ্হিত নিৰ্মাণ কৰা হ’ব অসম আৰক্ষীৰ নতুন কাৰ্য্যালয়…

সলনি কৰা হ’ব কামৰূপ মহানগৰ জিলা উপায়ুক্ত আৰু আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ ঠিকনা।

পাণবজাৰৰ কাছাৰীঘাটস্থিত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়টো ভঙাগড়ৰ সমীপৰ ৰূপনগৰত নিৰ্মাণ কৰা হ’ব।

আনহাতে আৰক্ষী আয়ুক্তৰ কাৰ্য্যালয়ৰ ঠিকনা হ’ব খানাপাৰা।

ৰূপনগৰৰ ‘অসম চৰকাৰৰ নিৰ্মাণ নিগম (পৰিসীমিত)’ৰ পূৰ্বৰ কাৰ্যালয় আঁতৰাই ১০ বিঘা ভূমিত নিৰ্মাণ কৰা হ’ব উপায়ুক্তৰ নতুন কাৰ্যালয়।

ৰূপনগৰৰ প্ৰস্তাৱিত ভূমি পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে সদৰি কৰে।

নতুন কাৰ্যালয় চৌহদত ২০০ খন গাড়ী পাৰ্কিং কৰিব পৰা ব্যৱস্থাও থাকিব আৰু পুৰণি উপায়ুক্ত কাৰ্যালয় চৌপাশ ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য বৰ্ধন কৰা হ’ব বুলি জানিব দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

আনহাতে খানাপাৰাস্থিত জৈৱিক উৎপাদন প্ৰতিষ্ঠান পশুপালন আৰু পশু চিকিৎসা বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয় চৌহদত নিৰ্মাণ হ’ব নতুন আৰক্ষী আয়ুক্তৰ কাৰ্যালয়টো।

আৰক্ষী আয়ুক্তৰ কাৰ্যালয়টো ৩ বিঘা মাটিত নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই।

আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই কয়- নতুনকৈ নিৰ্মাণ হ’ব লগীয়া আৰক্ষী আয়ুক্তৰ কার্যালয়টো ৯ মহলীয়া অট্টালিকা হ’ব। কটকটীয়া নিৰাপত্তা আৰু পাৰ্কিং থাকিব। সকলো ডিচিপি বহাৰ সুবিধা থাকিব।

অসমৰ কাৰেংঘৰৰ আৰ্হিত নিৰ্মান হ’ব আৰক্ষী আয়ুক্তৰ কার্যালয়টো।

দুই মাহৰ ভিতৰত নিৰ্মাণ কাৰ্য আৰম্ভ হ’বলগীয়া আৰক্ষী আয়ুক্তৰ কাৰ্যালয়টো প্ৰায় ১০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হ’ব।

Leave a Comment