কাৰাগাৰত থকাৰ অৱস্থাতে আন এক গোচৰত পুনৰ গ্ৰেপ্তাৰ ৰাজকন্যা বৰুৱা…

কাৰাগাৰত থকাৰ অৱস্থাতে আন গোচৰত গ্ৰেপ্তাৰ ৰাজকন্যা বৰুৱা।

২০১৭ চনৰ এক দুৰ্ঘটনাৰ গোচৰত পুণৰ গ্ৰেপ্তাৰ কৰা হৈছে ৰাজন্যাক।

ৰাজকন্যাক মঙ্গলবাৰে হাজিৰ কৰোৱা হ’ল চি জি এম আদালতত।

ৰাজকন্যাই ২০১৭ চনত সংঘটিত কৰিছিল এটা দুৰ্ঘটনা। যাৰ ফলত এজন লোকৰ ডিঙিৰ হাড় ভাঙিছিল।

প্রাক্তন বিধায়িকা নৱনিতা সন্দিকৈৰ পুত্র কৰণ জ্যোতি সন্দিকৈৰ দুৰ্ঘটনাত ডিঙিৰ হাড় ভাঙিছিল।

২০১৭ ৰ ২৬ অক্টোবৰ নিশা ৰাজকন্যাই সংঘটিত কৰিছিল সেই দুৰ্ঘটনা।

এএছ ০১ এ জি ২১৯৪ নম্বৰৰ বাহখনেৰে সংঘটিত কৰিছিল সেই দুৰ্ঘটনাটো।

সেই একেখন বাহনেৰে কিছুদিন পূৰ্বে গুৱাহাটী মহানগৰীত সংঘটিত কৰিছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা।

 এই দুৰ্ঘটনাৰ ফলত ৮ শ্ৰমিত অতি গুৰুতৰভাৱে আহত হৈছিল।

পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৰাজকন্যা বৰুৱাক।

Leave a Comment