ক’লৈ গ’ল তাই! প্ৰায় এমাহ ধৰি সন্ধানহীন কলেজীয়া ছাত্ৰী বিন্দিয়ানী তাঁতী, পৰিয়ালত হাহাকাৰ…

এক চাঞ্চল্যকৰ ঘটনা।
প্ৰায় এমাহ ধৰি সন্ধানহীন এগৰাকী কলেজীয়া ছাত্ৰী ।
চৰাইদেউ জিলাৰ মাহমৰাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।
সন্ধানহীন যুৱতীগৰাকী মৰাণৰ চেপন আৰক্ষী চকীৰ অন্তৰ্গত ডোমৰদলং চাহ বাগিচাৰ নিবাসী ইলেক্চন তাঁতী আৰু নীলিমা তাঁতীৰ কন্যা বিন্দিয়ানী তাঁতী।
যোৱা ১ ছেপ্তম্বৰ তাৰিখে চাবুৱা বালিজানস্থিত বায়েকৰ ঘৰলৈ বুলি ফুৰিবলৈ গৈ সন্ধানহীন হৈ আছে দ্বাদশ শ্ৰেণীৰ ছাত্ৰী বিন্দিয়ানী তাঁতী।

মৰাণ লুইতভেলী জুনিয়ৰ কলেজৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী বিন্দিয়ানী তাঁতী।
যুৱতী গৰাকীৰ কোনো সন্ধান নোপোৱাত এতিয়া পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ।
জানিব পৰা মতে, ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে চাবুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলি পুনৰ চেপন আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছে।
যুৱতীগৰাকীৰ কিবা সম্ভেদ পালে 91275-96745 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।