অসম

কংগ্ৰেছে কৈছে ভাৰত জোড়ো, ৰাইজে কৈছে ভাৰত ছোড়োঃ পীযূষ হাজৰীকা…

কংগ্ৰেছৰ যুৱনেতা ৰাহুল গান্ধীৰ নেতৃত্বত দেশজুৰি কংগ্ৰেছে আৰম্ভ কৰিছে ভাৰত জোড়ো যাত্ৰা।

এই কাৰ্যসূচীৰ অংশ হিচাপে অসমতো ‘ভাৰত জোড়ো’ কাৰ্যসূচী গ্ৰহণ কৰিছে কংগ্ৰেছ দলে।

কংগ্ৰেছৰ এই ‘ভাৰত জোড়ো’ কাৰ্যসূচীক পুনৰ তীব্ৰ সমালোচনা কৰিছে মন্ত্ৰী পীযূষ হাজৰিকাই।

মন্ত্ৰীগৰাকীয়ে কয়- ‘কংগ্ৰেছে কৈছে ভাৰত জোড়ো, ৰাইজে কৈছে ভাৰত ছোড়ো। অসমত ভাৰত জোড়ো যাত্ৰাৰ কোনো প্ৰভাৱ নপৰে।’

ইপিনে ভূপেন বৰাক সমালোচনা কৰি বৰাৰ বিৰুদ্ধে টকা লৈ পদবী বিক্ৰী কৰাৰ অভিযোগ মন্ত্ৰীজনৰ। তেওঁ কয়- ভূপেন বৰাৰ অলীক কল্পনা দেখাৰ এটা স্বাভাৱিক প্ৰক্ৰিয়া আছে। ‘ভাৰত জোড়ো’ কৰিবলৈ যায় কিন্তু মাৰপিট লাগি গোটেই সভা লণ্ডভণ্ড হয়।

লগতে অমিত শ্বাহৰ অসম ভ্ৰমণ কাৰ্যসূচীৰো সবিশেষ তথ্য সদৰী কৰে মন্ত্ৰী হাজৰিকাউ।

৮, ৯ তাৰিখে অসমলৈ আহিব অমিত শ্বাহৰ লগতে জে পি নাড্ডা।

দললৈ একাংশ কংগ্ৰেছ নেতাৰ যোগদান সন্দৰ্ভত তেওঁ কয়- ‘বিজেপি দল সাগৰ সদৃশ, মই কাৰ্যকৰ্তাহে মাথোঁ। যোগদান সন্দৰ্ভত দলে সিদ্ধান্ত ল’ব।’

Related Articles

Back to top button