নিউজ ডেস্কঃ গুৱাহাটীৰ পৰা দিল্লীলৈ বিমান যাত্ৰাৰ সময়ৰ এক সুখকৰ মুহূৰ্তৰ দৃশ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰি আনন্দ ব্যক্ত কৰিলে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।

ভিষ্টাৰা এয়াৰ লাইনযোগে যাত্ৰাৰ সময়ত তেওঁ লগ পোৱা বিমানৰ ক্ৰু মেম্বাৰ আৰু এয়াৰ হোষ্টেজৰ অপ্যায়নত অভিভূত হৈ পৰা অখিল গগৈয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিলে কৃতজ্ঞতা।

দৰাচলতে বিমান যাত্ৰাৰ সময়ত অখিল গগৈয়ে লগ পোৱা ভিষ্টাৰা এয়াৰ লাইনৰ এয়াৰ হোষ্টেজসকল আছিল উত্তৰ-পূৰ্বাঞ্চলৰ। যাৰ বাবে এই বিশেষ যাত্ৰা কৰি গৌৰৱ অনুভৱ কৰে অখিল গগৈয়ে।

অখিল গগৈয়ে লিখিছে, ”গুৱাহাটীৰ পৰা দিল্লীলৈ বিমান যাত্ৰা সদায়ে সুখকৰ, যদিও আজি বিশেষ আছিল। Vistara দলটোৰ আতিথ্য অতিশয় শলাগনীয় আৰু প্ৰশংসাৰ যোগ্য।

উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীয়ে সঁচাকৈয়ে নিজৰ বৃত্তিত ভাল কাম কৰি আছে সেয়া দেখি মই অতি আনন্দিত। ধন্যবাদ শ্বানু, ৰেঞ্চ, কাজল, আৰতি আৰু নিখিলা।’