
নিউজ ডেস্কঃ মাদ্ৰাছাৰ উচ্ছেদ সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ। মাদ্ৰাছা উচ্ছেদ কৰা কাৰ্য অগণতান্ত্ৰিক আৰু স্বৈৰাছাৰী আখ্যা অখিল গগৈৰ।
অখিল গগৈয়ে কয়, ‘ভাৰতৰ সংবিধানৰ ৩০নং অনুচ্ছেদ অনুসৰি সকলো সংখ্যালঘু নাগৰিকৰ নিজৰ শিক্ষানুষ্ঠান প্ৰতিষ্ঠাৰ অধিকাৰ আছে। কিন্তু অসমত শেহতীয়াকৈ যিটো চলিছে, মাদ্ৰাছা বন্ধ কৰা, সুযোগ পালেই মাদ্ৰাছাৰ ওপৰত আক্ৰমণ কৰাৰ যি ব্যৱস্থা আৰম্ভ হৈছে, সেয়া অগণতান্ত্ৰিক আৰু স্বৈৰাছাৰী।’
কাইলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যদি দুৰ্নীতি বা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত দোষী সাব্যস্ত হয়, তেন্তে জনতা ভৱনটো ভাঙি পেলোৱা হ’ব নেকি বুলি প্ৰশ্ন কৰি অখিল গগৈয়ে কয় যে অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক, যি সেইবুলি মাদ্ৰাছা বা অভিযুক্তৰ ঘৰ ভাঙি পেলোৱাটো বা ভুৱা এনকাউণ্টাৰ কৰাটো গ্ৰহণযোগ্য নহয়।
অসমত এতিয়া সঁচা কথা ক’লেই দেহদ্ৰোহী বুলি গণ্য কৰা হয় বুলি মন্তব্য কৰে অখিল গগৈয়ে। আনহাতে ধৰ্মীয় উন্মাদনাই এতিয়া অসমৰ একমাত্ৰ ভাষা হৈ পৰা বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে।
তেওঁ কয়, এতিয়া মুছলমানৰ বিৰুদ্ধে কথা ক’লেই এজন দেশপ্ৰেমী নাগৰিক হৈ পৰিব পাৰি। এয়াই আজিৰ দিনটোৰ ৰাজনীতি।
ৰাজ্যত আৰম্ভ হোৱা মাদ্ৰাছা উচ্ছেদ বা অভিযুক্তৰ বাসগৃহৰ উচ্ছেদৰ অশুভ পৰম্পৰা বন্ধ কৰিবলৈ দাবী জনায় ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে।